বানবিধ্বস্ত মাজুলীত অব্যাহত বাঘৰ আতংক - Tiger terror at Majuli - TIGER TERROR AT MAJULI
🎬 Watch Now: Feature Video

Published : July 11, 2024 at 9:47 PM IST
মাজুলী, ১১ জুলাই : ভূতৰ ওপৰত দানহ । বানৰ সংহাৰৰ পিচত এইবাৰ মাজুলীত বন্যপ্ৰাণীৰ সন্ত্ৰাস । বানত ককবকাই থকা মাজুলীবাসীৰ বাবে আন এক বিপদ হিচাপে দেখা দিছে কাজিৰঙাৰ বন্যপ্ৰাণী । কিয়নো বান অধ্যুষিত কাজিৰঙা বনাঞ্চলৰ পৰা বিভিন্ন বন্যজন্তুৱে এতিয়া আশ্ৰয় লৈছে নদীদ্বীপ মাজুলীত । লগতে সন্ত্ৰাসৰো সৃষ্টি কৰিছে ।
এক কথাত ক'বলৈ গ'লে মিনি কাজিৰঙালৈ পৰ্যৱসিত হৈছে সত্ৰনগৰী মাজুলী । হাতী, গঁড়ৰ পাচত এইবাৰ মাজুলীত বাঘৰ আতংক । বিগত ১০ দিনে পূব মাজুলীৰ কেইবাখনো গাঁৱত এটা বাঘে মুক্ত বিচৰণ কৰি আহিছে । বানৰ প্ৰকোপত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বাঘটোক খেদি পঠিয়াবৰ বাবে মাজুলী জিলা বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে ।
কিন্তু বৃহস্পতিবাৰে পূব মাজুলীৰ শালমৰা, যোগী গাঁৱৰ সমীপৰ এখন হাবিত অৱস্থান কৰে বাঘটোৱে । ইফালে বাঘটোৰ আক্ৰমণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে এজন বনকর্মী । ইয়াৰ পৰিপ্ৰেক্ষিতত ঘৰৰ পৰা বাহিৰলৈ ওলালে সতৰ্কতা অৱলম্বন কৰিবলৈ স্থানীয় ৰাইজলৈ বন বিভাগে আহ্বান জনাইছে ।উল্লেখ্য, বাঘৰ মুক্ত বিচৰণক লৈ এতিয়া পূব মাজুলীৰ নৈপৰীয়া যোগী গাঁও, শালমৰা, মেৰাগড়, কলনিবাৰী, গেজিং অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।