চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী - Tiger Terror in Dibrugarh - TIGER TERROR IN DIBRUGARH

🎬 Watch Now: Feature Video

thumbnail
বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 7:40 AM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ১৩ জুলাই: বছৰৰ পাচত বছৰ ধৰি বাঘৰ আতংকত দিন কটাবলগীয়া হৈছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । বন বিভাগে জিলাখনৰ বহু স্থানত বিগত বহু সময়ত পিঞ্জৰা স্থাপন কৰি কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বৰ্তমানো অব্যাহত আছে বাঘৰ উপদ্ৰৱ । পুনৰ প্ৰলয়ংকাৰী বানৰ মাজতেই চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী বানাক্ৰান্ত ।  

দধীয়া লাইকাৰ তিনিজন ব্যক্তিক শুকুৰবাৰে গৰু চৰাবলৈ যাওঁতেই আক্ৰমণ কৰে এটা বাঘে । ঘটনাৰ পাচতে উন্নত চিকিৎসাৰ বাবে তিনিওজনক চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎস্যালয়ত ভৰ্তি কৰা হয় । বাঘৰ আক্ৰমণত আহত ব্যক্তি কেইজনৰ নাম হৈছে আৰবাজ ডাং, জিতুল ডাং আৰু মেকচেৰে চুক্ৰাং । তিনিওগৰাকী ব্যক্তি দধীয়া চাৰিসুঁতিৰ বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বানবিধ্বস্ত মাজুলীত অব্যাহত বাঘৰ আতংক - Tiger Terror At Majuli

বামুনীমৈদামত পুনৰ বাঘৰ আতংক : চিচি টিভি কেমেৰাত বন্দী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য - Tiger Scare In Bamunimaidam

নগাঁৱৰ জেঙনিত বাঘৰ আতংক, ন্যায় সংহিতাৰ 163 ধাৰা জাৰি - TIGER SCARE IN NAGAON

বানত দিক-বিদিক হেৰুৱাই জনাঞ্চলত বনৰজা : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details