ব্ৰহ্মপুত্ৰত ই-ৰিক্সাসহ উটি গ'ল তিনি যুৱক : এজনক জীৱিত অৱস্থাত উদ্ধাৰ - Missing In Brahmaputra - MISSING IN BRAHMAPUTRA

🎬 Watch Now: Feature Video

thumbnail
পানীখাইতিত শোকাবহ ঘটনা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 12:46 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১ জুলাই : গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী পানীখাইতিত দেওবাৰে নিশা সংঘটিত হৈছে এক শোকাবহ ঘটনা । বোন্দাৰ পৰা পানীখাইতি-ৰাজাবাৰী পথৰে নাৰেংগী অভিমুখে আহি থকা তিনি যুৱক ই-ৰিক্সাসহ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি যায় । ইয়াৰে এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰে যদিও আন দুজন ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত সন্ধানহীন হয় ।

যুৱক তিনিজনৰ ঘৰ সাতগাঁৱত । ইয়াৰে ধন দৈমাৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে দীপ পাঠকৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে । বৰ্তমানো বাবুল নামৰ যুৱকজন সন্ধানহীন হৈ আছে । বোন্দাত ই-ৰিক্সা মেৰামতি কৰি তেওঁলোকে বাজাবাৰী-পানীখাইতি পথেৰে নাৰেংগী অভিমুখে আহি আছিল ।

দেওবাৰে সন্ধিয়া ব্রহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ যায় এই পথটো । ফলত নিশা যুৱককেইজনে পথটোৰ সঠিক দিশ অনুমান কৰিব নোৱৰাত ই-ৰিক্সাসহ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি যায় । পানীত উটি যাব ধৰা যুৱক তিনিজনৰ এজনক স্থানীয় লোকে তৎপৰতাৰে উদ্ধাৰ কৰে যদিও আন দুজনৰ সন্ধান ওলোৱা নাছিল ।

যোৱা নিশাৰ ভাগতেই উদ্ধাৰকাৰী দলে দ্বীপ পাঠকৰ মৃতদেহ উদ্ধাৰ কৰে । সোমবাৰে পুনৰ নিখোজ বাবুলৰ সন্ধানত ব্রহ্মপুত্রত এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন - MAJULI BOAT ACCIDENT

ব্ৰহ্মপুত্ৰত নিখোজ অৰ্জুন নাথৰ মৃতদেহ উদ্ধাৰ : পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ - Missing In Brahmaputra

ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি দুই যুৱক নিখোজ হোৱাৰ সন্দেহ - Missing In Brahmaputra

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details