শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে তিনি কিশোৰ-কিশোৰীৰ - Road accident in Barpetaroad - ROAD ACCIDENT IN BARPETAROAD

🎬 Watch Now: Feature Video

thumbnail
শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে তিনি কিশোৰ-কিশোৰীক (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 2:54 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটাৰোড,৩০ মাৰ্চ: বৰপেটাৰোডৰ সমীপৰ বালাৰভিঠাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জামতলত শনিবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটোত থিতাতে নিহত একেটা পৰিয়ালৰে তিনিটিকৈ কিশোৰ-কিশোৰী । পথ দুৰ্ঘটনাত মৃত্যু হোৱা তিনিগৰাকী কিশোৰ-কিশোৰী ক্ৰমে শ্বাহজাহান আলী আচমা খাতুন আৰু জেছমিন পাৰবীন বুলি জানিব পৰা গৈছে । এই শোকাৱহ ঘটনাই সমগ্ৰ বৰপেটাৰোড অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ৷  

উল্লেখ্য যে, বৰপেটাৰোডৰ সাতভইনীটুপৰ ৰিজাৰ্ভৰ এই পৰিয়ালটোৱে বিগত তিনিদিন পূৰ্বে ক্ৰয় কৰিছিল এখন স্কুটী । শনিবাৰে সেই স্কুটীৰে পৰিয়ালটোৰ চাৰিগৰাকী কিশোৰ-কিশোৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈ আছিল । সেইসময়তে পিছফালৰ পৰা অহা তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিয়ে স্কুটীখন । ফলত ঘটনাস্থলীতেই নিহত হয় তিনিগৰাকীকৈ কিশোৰ-কিশোৰী । আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এগৰাকী কিশোৰক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ । 

লগতে পঢ়ক: তিনিচুকীয়াত সুৰাপায়ী চালকৰ তাণ্ডৱ - Road Accident In Tinsukia

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details