পিষ্টল, নগদ ধনসহ আৰক্ষীৰ জালত 3 ড্ৰাগছ সৰবৰাহকাৰী - Drugs peddlers arrested in Duliajan - DRUGS PEDDLERS ARRESTED IN DULIAJAN

🎬 Watch Now: Feature Video

thumbnail
পিষ্টল,নগদ ধনসহ 3 ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত (undefined)

By ETV Bharat Assamese Team

Published : March 27, 2024 at 8:57 AM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 27 মাৰ্চ: দুলীয়াজানত পিষ্টল, মটৰচাইকেলসহ ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জিম্মাত ৷ ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো ডিব্ৰুগড় জিলাখনত ড্ৰাগছৰ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে উদ্ধাৰ হৈ আছে ড্ৰাগছ । 

মংগলবাৰৰ নিশা দুলীয়াজানত অভিযান চলায় আৰক্ষীয়ে পিষ্টল, মটৰচাইকেলসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই দুলীয়াজান আৰক্ষীয়ে দুলীয়াজানৰ আনন্দপাৰ অঞ্চলৰ পৰা আটক কৰে ড্ৰাগছ মাফিয়া দীনেশ ৰাজভৰক । 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দিনৰ ভাগত দুলীয়াজান আৰু নাওহলীয়া আৰক্ষীৰ যুটীয়া অভিযানত গাড়ী আৰু নগদ ধনসহ দুই ড্ৰাগছ বেপাৰী আৰক্ষীৰ জালত পৰিছিল । এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় দীনেশ ৰাজভৰক ।

লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ অভিযান; আটক দুই সৰবৰাহকাৰী - Drugs Seized In Duliajan

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details