সৰুপথাৰত দিন-দুপৰতে চোৰে লৈ গ’ল বহু আপুৰুগীয়া সম্পদ, নিলে নগদ ধনো - Golaghat Police

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰত চুৰিকাণ্ড (undefined)

By ETV Bharat Assamese Team

Published : March 3, 2024 at 10:59 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ৩ মাৰ্চ: ধনশিৰি মহকুমাৰ পূব সৰুপথাৰ পঞ্চায়তৰ অন্তৰ্গত দ-পথাৰ গাঁৱত সংঘটিত হ’ল চুৰিকাণ্ড । উৰিয়ামঘাট থানাৰ অন্তৰ্গত দ-পথাৰ গাঁৱত দিনৰ পোহৰতেই চুৰি কৰি লৈ যায় এখন ঘৰৰ বহু মূল্যৱান সামগ্ৰী ।

দ-পথাৰ গাঁৱৰ বুবুল গগৈ আৰু দিপালী গগৈৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ডটো । ঘৰখনৰ সোণৰ থুৰিয়া, সোণৰ খাৰু, ৰূপৰ আঙুঠি, ৰূপৰ চেইন, পুৰণি সামগ্ৰী লগতে পুৰণি তামৰ পাতি পইচা, বহু সংখ্যক ফুলাম গামোচা, মোবাইল ফোনৰ লগতে কেবাহাজাৰ নগদ টকাও লৈ যায় ।

উল্লেখ্য যে ঘৰত মানুহ নথকাৰ সুযোগ লৈ এই চুৰিকাণ্ড সংঘটিত কৰে ৷ এখন কাঁচিৰে দুৱাৰ কাটি চোৰে ঘৰখনত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে । ঘৰখনৰ মূল্যৱান সামগ্ৰীৰ লগতে সাঁচতীয়া ধনখিনিও চোৰে লৈ যোৱাত শোকত ভাগি পৰিছে পৰিয়ালটোৰ লোকসকল ৷

লগতে পঢ়ক: সন্ধিয়া সৰুপথাৰৰ ৰাজপথত জ্বলিল মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details