দেৰগাঁৱত চিকিৎসকৰ ঘৰৰ পৰা চোৰে লুটিলে বহু লক্ষাধিক টকাৰ সম্পত্তি - Bokakhat Hospital

🎬 Watch Now: Feature Video

thumbnail
দেৰগাঁৱত চিকিৎসকৰ ঘৰত চুৰিকাণ্ড (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 3:58 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট, 2 মাৰ্চ: গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা । বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ডৰ ঘটনাৰ লগতে বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে যদিও বৰ্তমানলৈকে অপৰাধীক নাকী লগাবলৈ আৰক্ষীয়ে কোনোধৰণৰ বাস্তৱ প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।  

পৰিণতিত এইবাৰ চোৰে লক্ষ্য কৰি লৈছে চিকিৎসকৰ বাসগৃহ । গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁৱৰ এজন চিকিৎসকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চলালে চাফাই অভিযান চলালে চোৰে । চিকিৎসকৰ ঘৰৰ পৰা চোৰে লুটি নিলে প্ৰায় ১৫ লাখ টকাৰ সা-সামগ্ৰী ৷ বনগাঁৱৰ হেমন্ত বৰা নামৰ চিকিৎসকগৰাকীৰ ঘৰত মানুহ নথকাৰ সুযোগ লৈ খিৰিকীৰ গ্ৰীল ভাঙি ভিতৰত প্ৰবেশ কৰি চোৰে চলালে চাফাই অভিযান ।

নিশা বোকাখাত চিকিৎসালয়ত কৰ্তব্য সমাপন কৰি আহি ঘৰৰ ভিতৰত সকলো সামগ্ৰী লণ্ডভণ্ড হৈ থকা দেখাৰ পিচতে সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে । ইতিমধ্যে ভুক্তভোগী চিকিৎসক হেমন্ত বৰাই দেৰগাঁও আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ দাখিল কৰিছে ৷ চিকিৎসক হেমন্ত বৰাই সাংবাদিকক জনাবলৈ দিয়া মতে তেওঁ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে । কাৰণ তেওঁ এজন চৰকাৰী চিকিৎসক ।

উল্লেখ্য যে কিছুদিনৰ ভিতৰতে বৃহত্তৰ অঞ্চলটোত কেবাটাও চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে ৷ কিন্তু তাৰ পিচতো দেৰগাঁও আৰক্ষীয়ে চোৰক গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই ।

লগতে পঢ়ক: সন্ধিয়া সৰুপথাৰৰ ৰাজপথত জ্বলিল মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details