জালত পৰিল গভাইত চোৰ, বুজন পৰিমানৰ চুৰি সামগ্ৰী জব্দ - দুলীয়াজান আৰক্ষী
🎬 Watch Now: Feature Video

Published : February 20, 2024 at 5:36 PM IST
মৰাণ, 20 ফেব্ৰুৱাৰী : তৈল নগৰী দুলীয়াজানত চোৰৰ সন্ত্ৰাস ৷ দুলীয়াজানত তেল চুৰিৰ পৰা আৰম্ভ কৰি ৰাজহুৱা অনুষ্ঠানৰ সামগ্ৰী চোৰ কৰি ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিছে চোৰে । ৰাইজে চুৰি ঘটনাৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগৰ পিচতে দুলীয়াজান আৰক্ষীয়ে তৎপৰ হৈ পৰিছে চোৰৰ বিৰুদ্ধে ।
ইয়াৰ পিচতে, ভাদৈ আৰু দুলীয়াজান আৰক্ষীৰ যুটীয়া অভিযানত মধুটিং তিনিআলিৰ সমীপৰ পৰা অজয় উৰাং নামৰ এজন ব্যক্তিৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত দুধর্ষ চোৰ ৰাতুল তামুলীক দুটা দিনৰ পূৰ্বে আটক কৰাৰ পিচতে দেওবাৰে দুলীয়াজানৰ মধুটিং অঞ্চলৰ পৰা পুনৰ উৎপল হাজৰিকা ওৰফে লাদেনক নামৰ চোৰটোক আটক কৰে দুলীয়াজান আৰক্ষীয়ে।
দুধর্ষ চোৰ ৰাতুল তামুলী ঘৰ নাহৰকটীয়া চাচনী গাঁৱত আৰু উৎপল হাজৰিকাৰ ঘৰ নগাজান গাঁৱত বুলি জানিব পৰা গৈছে । দুই ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে এটা ডেম্পৰ পৰা বুজন পৰিমাণৰ ঘটি, বাতি উদ্ধাৰ কৰিছে । ইয়াৰ লগতে চুৰি সামগ্ৰী কিনোতা টিপলিংস্থিত এটা ডেম্পৰ মেনেজাৰ বিকাশ ৰাজপুতকো আটক কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক: লাভ জিহাদৰ ঘটনা ! দল-সংগঠনৰ অভিযোগক নস্যাৎ যুৱতীৰ