গৃহস্থ ভাগৱত পাঠত ব্যস্ত থকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান - Theft incident - ASSAM THEFT NEWS

🎬 Watch Now: Feature Video

thumbnail
গৃহস্থ ভাগৱত পাঠত থকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:01 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ২৯ মাৰ্চ: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ মাজমজিয়াত চোৰৰ উপদ্ৰৱ । সৰুপথাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত সংঘটিত হৈছে চুৰিকাণ্ড । সৰুপথাৰৰ ভুৱন কোঁৱৰ নামৰ ব্যক্তিজনৰ ঘৰত দিনৰ ভাগতেই সংঘটিত হয় চুৰিকাণ্ডটো । 

ঘটনা সন্দৰ্ভত গৃহস্থগৰাকীয়ে উল্লেখ কৰা অনুসৰি দিনৰ ১১ বজাত তেওঁলোকে পৰিয়ালসহ গন্ধকৰৈ নামঘৰত অনুষ্ঠিত হৈ থকা ভাগৱত পাঠ অনুষ্ঠানলৈ গৈছিল । তেনে সময়তেই সংঘটিত হয় চুৰিকাণ্ডটো ।

তাৰ পিচতে গৃহস্থই ঘৰলৈ বিয়লি প্ৰায় ৫ বজাত ঘূৰি আহি দেখে ঘৰৰ আলমিৰা, দ্ৰয়াৰসমূহ ভাঙি লণ্ড-ভণ্ড কৰি চোৰে লৈ যায় সোণৰ চেইন, সোণৰ আঙুঠি, সোণৰ কাণফুলিৰ লগতে অন্যান্য গহনা । ইয়াৰোপৰি নগদ ৩১ হাজাৰ টকাৰ লগতে লোকজনৰ পত্নীৰ এটিএম কাৰ্ডখনো লৈ যায় বুলি জানিবলৈ দিয়ে । ইতিমধ্যে আৰক্ষীৰ লোকে আহি সমগ্ৰ ঘটনাৰ বুজ লৈছে । 

লগতে পঢ়ক: হাতত কটা মুণ্ড-দা লৈ ৰাজপথত ঘাতক মোমায়েক - uncle beheads niece

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details