শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰত চুৰি - Theft Incident In Teok - THEFT INCIDENT IN TEOK

🎬 Watch Now: Feature Video

thumbnail
শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 2:58 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, ১ জুলাই: যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ ৰাধাকৃষ্ণ মূৰ্তিত কৃষ্ণ মূৰ্তিৰ পৰা ৰূপৰ বাঁহীটো দেওবাৰে নিশা চুৰি হয় । লগতে চোৰে দানপাত্ৰৰ পৰা নগদ ধনো চুৰি কৰে । সোমবাৰে পুৱা পূজাৰীয়ে পূজা কৰিবলৈ মন্দিৰলৈ আহোতে কৃষ্ণৰ হাতত বাঁহীটো নেদেখি হতবাক হৈ ৰাইজক খবৰ দিয়ে । পিচত ৰাইজে মন্দিৰৰ পাচফালৰ দৰ্জা ভাঙি চোৰে মন্দিৰত প্ৰবেশ কৰি চুৰি কাৰ্য সংঘটিত কৰিছে সন্দেহ কৰে ।

ইপিনে, মন্দিৰৰ ভঁৰাল ঘৰত তলা ভঙাৰ লগতে নিচেই কাষতে মন্দিৰৰ ভিতৰত গাঞ্জা প্ৰত্যক্ষ কৰিছে ৰাইজে । ভাঙৰ ৰাগিতে হয়তো এনে দুঃসাহস কৰিছে বুলিও একাংশই মত প্ৰকাশ কৰিছে । ইয়াৰ পিচতেই ৰাইজে টীয়ক আৰক্ষী থানাত গোচৰ ৰুজু কৰে ।  

লগতে পঢ়ক:আমগুৰি-গৌৰীসাগৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি, সঘনাই চুৰিকাণ্ড - Theft Incident In Sivasagar

সাৰি নগ’ল ভগৱানো...

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details