পানী যোগান আঁচনিৰ কৰ্মচাৰীক আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান - Theft at Hatigaon - THEFT AT HATIGAON

🎬 Watch Now: Feature Video

thumbnail
পানী যোগান আঁচনিৰ কৰ্মচাৰীক আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 12:45 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী,১৩ জুলাই: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা । এইবাৰ চোৰৰ টাৰ্গেট পানী যোগান আঁচনি । মহানগৰীৰ হাতীগাঁৱত পানী যোগান আঁচনিৰ কৰ্মচাৰীক কাৰ্যালয়ৰ ভিতৰত আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান । হাতীগাঁৱৰ বশিষ্ঠপুৰ ১ নং উপপথৰ বশিষ্ঠপুৰ পানী যোগান আঁচনিত চলিল চোৰৰ অভিযান ।  

কৰ্মচাৰীক ভিতৰত আবদ্ধ কৰি চোৰে কাটি নিলে বৰিং মেছিনৰ বৈদ্যুতিক তাঁৰ । ফলত বিকল হৈ পৰিছে বৰিং মেছিনটো । ইয়াৰ পিচতে এতিয়া পানীৰ নাটনিত ভোগাৰ শংকা অঞ্চলটোৰ একাংশ বাসিন্দাৰ । হাতীগাঁৱৰ বশিষ্ঠপুৰ ১ নং উপপথ আৰু নামঘৰ পথৰ প্ৰায় ১০০ ঘৰ লোকে নাপাব পাৰে বিশুদ্ধ পানী । সেয়ে প্ৰশাসনক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক: মেঘালয়-গোৱালপাৰাৰ পৰা ৬ গাড়ীচোৰক গ্ৰেপ্তাৰ - Car Theft Racket

বিধায়ক আৱাসৰ গাতে লাগি থকা নামঘৰত চোৰৰ চাফাই - Theft Incident

দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি চোৰে লুটিলে নগদ ধনসহ পিষ্টল - Theft Incident In Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details