প্ৰকৃতিক বিনন্দীয়া কৰাৰ বাবে চাৰি যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা - MESSAGE FOR PROTECTION OF NATURE - MESSAGE FOR PROTECTION OF NATURE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : October 2, 2024 at 7:09 PM IST

Updated : October 2, 2024 at 7:34 PM IST

2 Min Read

ধেমাজি,২ অক্টোবৰ: ভাদ-আহিন মাহৰ ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহে জীৱশ্ৰেষ্ঠ মানুহক প্ৰকৃতিয়ে তীব্ৰ সকীয়নি দিয়াৰ পিছত এতিয়া সকলোৱে আগন্তুক দিনবোৰক লৈ উদ্বিগ্ন হৈ পৰিছে । এই গ্ৰীষ্ম প্ৰৱাহৰ সময়তে চাৰিজন যুৱকে মিলি প্ৰকৃতিক বিনন্দীয়া কৰি সুৰক্ষিত কৰাৰ স্বাৰ্থত সমগ্ৰ অসম চাইকেলেৰে ভ্ৰমণ কৰিছে । গছ থাকিলে মানুহ থাকিব । উৎকট গৰমৰ ফলত প্ৰদূষণৰ মাত্ৰা বাঢ়ি যোৱাত জনজীৱনলৈ আহি পৰা সংকটৰ সময়ত গছ কেনেকৈ ৰুব লাগে আৰু প্ৰতিপালন কৰিব লাগে এই সজাগতা বাণী লৈ একলাখ গছপুলি ৰোৱাৰ লক্ষ্যৰে অসমৰ ইমুৰ পৰা সিমূৰলৈ চাইকেলেৰে যাত্ৰা কৰিছে চাৰি যুৱকে ।  

জিণ্টু নাথৰ সহযোগত ওলাই অহা চাৰি বন্ধুৱে ইতিমধ্যে ১৫খন জিলা ভ্ৰমণ কৰি ১৫০০০গছপুলি ৰোপণ কৰিছে বিভিন্ন ৰাজহুৱা স্থানত । বৰ্তমান ধেমাজি জিলাৰ মাছখোৱাত উপস্থিত হোৱাৰ পিছত পুনৰ চাইকেলেৰে ডিব্ৰুগড়লৈ ৰাওনা হ’ব । মন কৰিবলগীয়া যে যি সময়ত একাংশ যুৱকে মাক-দেউতাকৰ বিলাসী বাহন লৈ আনন্দ কৰি ফুৰিছে, একাংশই কেৱল পৰীক্ষাত নম্বৰ আৰু এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি আছে আৰু আন একাংশই নিচাজাতীয় সামগ্ৰীত আসক্ত হৈ সমাজখন দুষিত কৰিছে তেনে সময়ত এই চাৰি যুৱকৰ প্ৰকৃতিক সুৰক্ষা কৰা ব্যতিক্ৰমী চিন্তা মনলৈ অহাটো সন্দেহাতীতভাৱে প্ৰশংসনীয় । 

লগতে পঢ়ক: তেজপুৰত অহিংস নীতিৰ বাণী বিলালে মহাত্মা গান্ধীয়ে ! - Mahatma Gandhi In Assam

গান্ধীৰ সৈনিক বনাম গডছে সৈনিকৰ নিৰন্তৰ চলি আছে যুদ্ধ: গৌৰৱ গগৈ - MP Gaurav Gogoi

Last Updated : October 2, 2024 at 7:34 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.