তলাবন্ধ গেটৰ ওপৰেদি বগাই গৃহস্থ নথকা অৱস্থাতে স্মাৰ্ট মিটাৰ সংযোগ বিদ্যুৎ বিভাগৰ - APDCL SMART METERS - APDCL SMART METERS

🎬 Watch Now: Feature Video

thumbnail
তলাবন্ধ গেটৰ ওপৰেদি বগাই গৃহস্থ নথকা অৱস্থাতে স্মাৰ্ট মিটাৰ সংযোগ বিদ্যুৎ বিভাগৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 6:36 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, ৩ আগষ্ট: বিদ্যুৎ যোগানত স্মাৰ্ট নহ'লেও অসম শক্তি বিতৰণ কোম্পানী স্মাৰ্ট মিটাৰ সংযোগত কিমান স্মাৰ্ট, তাৰ এক নোহোৱা-নোপোজা ঘটনা সংঘটিত হৈছে কলিয়াবৰত । কলিয়াবৰৰ কুঁৱৰীটোলস্থিত অসম শক্তি বিতৰণ কোম্পানীৰ উপ-সংমণ্ডলৰ প্ৰৱন্ধকৰ কাৰ্যালয়ৰ নাতিদূৰৰ গোমোঠা গাঁৱত সংঘটিত হৈছে এই আশ্চৰ্যকৰ কাণ্ড । বিদ্যুৎ বিভাগৰ লোকে গৃহস্থ নথকা অৱস্থাতে পুৰণা বৈদ্যুতিক মিটাৰ খুলি নতুনকৈ স্মাৰ্ট মিটাৰ লগাই থৈ যায় । 

কলিয়াবৰৰ গোমোঠা গাঁৱৰ মুকুতা বৰা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তলা মাৰি থোৱা গেটৰ ওপৰেদি পাৰ হৈ গৈ বিদ্যুৎ বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ লোকে কৰে এই কাণ্ড । স্থানীয় এ পি ডি চি এল উপ-সংমণ্ডল কাৰ্যালয়ত অভিযোগ দিয়ো একো সদুত্তৰ পোৱা নাই ভুক্তভোগী লোকজনে ।

অভিযোগ মতে, কেৱল মুকুতা বৰাৰ ঘৰতেই নহয়, কলিয়াবৰৰ কেইবাও ঘৰত শক্তি বিভাগে সংঘটিত কৰিছে এনে কাণ্ড । বৈদ্যুতিক স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ চলি থকাৰ লগতে বহু বিদ্যুৎ গ্ৰাহকে নিজৰ ঘৰত বৈদ্যুতিক স্মাৰ্ট মিটাৰ লগাবলৈ নিদিয়াৰ বাবে চোৰৰ দৰে পুৰণি মিটাৰ সলাই নতুনকৈ স্মাৰ্ট মিটাৰ বিদ্যুৎ বিভাগে লগাই ফুৰাৰ অভিযোগ উঠিছে । 

লগতে পঢ়ক: বিলাসীপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ - Power Supply Disrupt

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details