ৰেচন কাৰ্ডৰ আবেদনৰ সময়সীমা পাঁচ দিনলৈ বৃদ্ধি - MINISTER RANJEET KUMAR DASS
🎬 Watch Now: Feature Video

Published : October 14, 2024 at 10:59 PM IST
বৰপেটাৰোড ১৪ অক্টোবৰ: যদিহে আপোনাৰ ৰেচন কার্ড নাই, তেন্তে শীঘ্রেই কৰক আবেদন । অন্যথা নাপাব ৰেচন কাৰ্ড । আগন্তুক পাঁচ দিনৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ বাবে সময়সীমা বৃদ্ধি কৰা হৈছে । এতিয়া ৰেচন কাৰ্ডৰ বাবে ২১ অক্টোবৰ পৰ্যন্ত আবেদন কৰিব পাৰিব । বৰপেটাৰোডত সোমবাৰে সন্ধিয়া এই মন্তব্য কৰে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
মন্ত্ৰী দাসে কয়, "ৰেচন কাৰ্ড নথকা ৰাজ্যৰ দৰিদ্ৰ লোকৰ বাবে আবেদনৰ অন্তিম সময়সীমা পূৰ্বে ১৫ অক্টোবৰ আছিল যদিও শাৰদীয় দুৰ্গাপূজা আৰু জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ বাবে ৰেচন কাৰ্ডৰ বাবে বহুলোকে আবেদন কৰিব পৰা নাছিল । যাৰ ফলত ৰাজ্য চৰকাৰে আগন্তুক পাঁচ দিনৰ বাবে ৰেচন কাৰ্ড নথকা লোকৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে ৷"
অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ৰাজ্যৰ দৰিদ্ৰ লোকক অন্তৰ্ভুক্ত কৰাৰ বাবে ৰেচন কাৰ্ড দিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী দাসে ।
লগতে পঢ়ক: নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব ৰাজ্যৰ বহু পৰিয়ালে : ৰণজিৎ কুমাৰ দাস - Ranjeet Kumar Dass in silchar