বাংলাদেশীৰ বোজা অসমত কোনোপধ্যেই বহন কৰা নহ'ব: খিলঞ্জীয়া যুৱ শক্তি অসম - World Indigenous Peoples Day

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 5:40 PM IST

thumbnail
খিলঞ্জীয়া যুৱ শক্তি অসম (ETV Bharat Assam)

তিনিচুকীয়া, ১০ আগষ্ট: বিদেশী বাংলাদেশীৰ বোজা অসমত কোনোপধ্যেই বহন কৰা নহ'ব বুলি চৰকাৰলৈ সকীয়নি খিলঞ্জীয়া যুৱ শক্তি অসম তিনিচুকীয়া জিলা সমিতিৰ । বাংলাদেশত সম্প্ৰতি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্টকৈ কৈছে যে পশ্চিমবংগই কোনো কাৰণে বাংলাদেশীৰ বোজা নলয় ৷ সমান্তৰালভাৱে সেই বিদেশী বাংলাদেশীৰ বোজা অসমতো কোনোপধ্যেই বহন কৰা নহ'ব বুলি চৰকাৰলৈ সকীয়নি প্ৰদান কৰে খিলঞ্জীয়া যুৱ শক্তি অসম তিনিচুকীয়া জিলা সমিতিয়ে ।

শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় বিশ্ব খিলঞ্জীয়া দিৱস ৷ এই উপলক্ষে শুকুবাৰৰ সন্ধিয়া তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত খিলঞ্জীয়া যুৱ শক্তি অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত বন্তি প্ৰজ্বলনস্থলীৰ পৰাই বিদেশী বাংলাদেশীৰ বোজা অসমত বহন কৰা নহ’ব বুলি নিজৰ স্থিতি স্পষ্ট কৰি অসম-বাংলাদেশৰ সীমা অতি সোনকালে ছীল কৰিবলৈ চৰকাৰক দাবী জনাই খিলঞ্জীয়া যুৱ শক্তি অসম তিনিচুকীয়া জিলা সমিতিয়ে ।

লগতে পঢ়ক: World Indigenous Day : ডিফুত বিভিন্ন জনজাতীয় সংগঠনৰ উদ্যোগত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.