মাজুলীত বুঢ়া লুইতৰ বুকুত অনুপম সূৰ্যাস্ত

🎬 Watch Now: Feature Video

thumbnail
বুঢ়া লুইতৰ বুকুত সূৰ্যাস্ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 30, 2024 at 7:46 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী : ইংৰাজী কেলেণ্ডাৰৰ শেষৰ পাতখিলা লুটিয়াবলৈ মাজত মাত্ৰ এটা দিন বাকী । যাৰ বাবে চৌদিশে পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলিছে । ব্যতিক্ৰম নহয় মাজুলীও । সত্ৰপীঠ মাজুলিতো ইংৰাজী নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে । বছৰটোৰ শেষত লগে-ভাগে এসাজ খাবলৈ মাজুলীৰ বিভিন্ন স্থানত দেখা গৈছে বনভোজ দলৰ ভিৰ । ইফালে ২০২৪ বৰ্ষৰ অন্তিমটো দেওবাৰত কালি বনভোজকাৰীৰ ভিৰ অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হয় । তাৰ মাজতে দেওবাৰে ই টিভি ভাৰতৰ কেমেৰাত বন্দী হ'ল এক অনুপম দৃশ্য । বুঢ়া লুইতৰ বুকুত মাজুলীত সূৰ্যাস্তৰ অনুপম দৃশ্যই নিশ্চিতভাৱে সকলোকে আকৰ্ষিত কৰিব । মাজুলীৰ পৰা নিমাতিঘাটলৈ পাৰাপাৰ হোৱা ফেৰীৰ যাত্ৰীসকলেও এই নান্দনিক দৃশ্য উপভোগ কৰিলে নয়নভৰি ।

লগতে পঢ়ক :শীতৰ সেমেকা বতৰত ভাৰত-ভূটান সীমান্তৰত বনভোজকাৰীৰ ভিৰ - INDO BHUTAN BORDER PICNIC SPOT