ডুমডুমাত গণ সমাবেশ অনুষ্ঠিত কৰিবলৈ কিয় অনুমতি নিদিলে জিলা প্ৰশাসনে ? - Tea tribe union protest

🎬 Watch Now: Feature Video

thumbnail
চাহ জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 31, 2024 at 10:48 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৩১ আগষ্ট: অসমত বাস কৰা চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক ভূমিৰ অধিকাৰৰ পৰা ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰলৈ এক দীৰ্ঘদিনীয়া দাবী উত্থাপিত হৈ আহিছে । কিন্তু এই দাবীসমূহ আজিকোপতি অসম চৰকাৰে পূৰণ নকৰাক লৈ ১ ছেপ্টেম্বৰত ডুমডুমা নগৰ খেলপথাৰত চাহ জনগোষ্ঠী-আদিবাসীৰ বিভিন্ন দল-সংগঠনৰ যৌথ উদ্যোগত এক বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল  ৷

উক্ত গণ সমাৱেশখনৰ বাবে তিনিচুকীয়া জিলা আয়ুক্তৰ তৰফৰ পৰা অনুমতি প্ৰদান নকৰাত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ যৌথ উদ্যোগত তিনিচুকীয়া জিলাৰ আয়ুক্ত কাৰ্য্যলয়ৰ প্ৰাংগনত ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শাসকীয় চৰকাৰ তথা জিলা প্ৰশাসনৰ ওপৰত সৰৱ হৈ পৰে সংগঠনকেইটাৰ নেতৃত্ব ৷ কাৰ হেঁচাত নিজৰ প্ৰাপ্যৰ বিষয়ে অনুষ্ঠিত কৰিব লগা সমাবেশখনৰ বাবে অনুমতি নিদিলে বুলি ক্ষোভ প্ৰকাশ কৰি সংগঠনকেইটাৰ নেতৃত্বই প্ৰশাসনক প্ৰশ্ন কৰে ।

লগতে পঢ়ক: প্ৰাপ্য নোপোৱাৰ ক্ষোভত বাগিচাৰ পৰিচালকক দৌৰালে ৰাষ্ট্ৰীয় ঘাইপথত - Tea workers protest