আমাক গ্ৰেপ্তাৰ কৰিলেও উজনিৰ পৰা মিঞা যাবই লাগিব : টাইপাৰ সভাপতিক আটক - Miya Muslims Controversy - MIYA MUSLIMS CONTROVERSY

🎬 Watch Now: Feature Video

thumbnail
অবৈধ মিঞা মুছলমানক উদ্দেশ্যে টাইপাৰ হুংকাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 27, 2024 at 6:16 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ, ২৭ আগষ্ট : ৰাজ্যত এতিয়া অসমীয়া, অনা অসমীয়া প্ৰসংগক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ আছে ৷ শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ পাছতে মিঞা মুছলমানক অসমৰ পৰা নিষিদ্ধ কৰাৰ বাবে দাবী জনাইছে একাংশ লোকৰ লগতে দল-সংগঠনে । ইয়াৰ মাজতে আজি মিঞা মুছলমানক উজনি অসম ত্যাগৰ দাবীত সোণাৰিত পোষ্টাৰিং কৰা সময়তে আৰক্ষীয়ে আটক কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিসহ এজনক ।

মিঞা মুছলমানক উজনি অসম ত্যাগ কৰাৰ লগতে নগাঁৱৰ খাৰুপেটীয়াৰ শাক-পাচলি চৰাইদেউত বন্ধ কৰিবৰ বাবে পোষ্টাৰিং কৰিছিল টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে । আৰক্ষীয়ে আটক কৰা সময়ত টাইপাৰ সভাপতিগৰাকীয়ে কয়, ‘‘অবৈধ সন্দেহজনক নাগৰিকক অসমৰ পৰা খেদোৱাটো ভাল নাপায় চৰকাৰে । সেয়ে চৰকাৰ ক্ষোভিত হৈছে । আমাক গ্ৰেপ্তাৰ কৰিলেও উজনিৰ পৰা মিঞা যাব লাগিব ।’’

উল্লেখ্য যে, মিঞা মুছলমানক সাত দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ প্ৰদান কৰে টাই আহোম যুৱ পৰিষদ আৰু কেইবাটাও জাতি জনগোষ্ঠীয় দল-সংগঠনে । ইতিমধ্যে দল সংগঠনসমূহে মিঞা মুছলমানক শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা যাবলৈ বাধ্য কৰাইছে ।

লগতে পঢ়ক : অসমৰ আইন-শৃংখলা বিঘ্নিত হ'বলৈ নিদিব: আবু বক্কৰ ছিদ্দিক - Miya Controversy

লগতে পঢ়ক : সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

লগতে পঢ়ক : জনজাতিকৰণৰ দাবীত দিল্লী কঁপাবলৈ সাজু টাইপা - Tai Ahom Yuva Parishad

লগতে পঢ়ক : ডিব্ৰুগড়ত আটাছুৰ মিঞা বিৰোধী অভিযান - Miya Muslims controversy

ABOUT THE AUTHOR

...view details