২০২৬ চনৰ নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিয়াৰ হুংকাৰ টাই আহোম সংগঠনৰ - ATASU PROTEST
🎬 Watch Now: Feature Video

Published : October 19, 2024 at 5:41 PM IST
গুৱাহাটী: ন্য়াৰ্য প্ৰাপ্তিৰ দাবীত পুনৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী । ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান আৰু উজনি অসমত স্বায়ত্তশাসন প্ৰৱর্তনৰ ব্যৱস্থা কৰাৰ দাবীত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, অসম আহোম সভা আৰু আহোম সেনাই ।
আজি দিনৰ ১১ বজাৰ পৰা মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত টাই আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত টাই আহোমসকলৰ বাবে জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰা হ'ব বুলি উল্লেখ থকাৰ পিছতো আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে ৫৫ লাখ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদীসকলে । ২০২৬ৰ পূৰ্বে তেওঁলোকৰ দাবী চৰকাৰে মানি নল‘লে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।