ৰাষ্ট্ৰীয় সাংস্কৃতিক জলপানি লাভ সৰুপথাৰৰ দেৱানুজ কোঁৱৰৰ - Talent Hunt Scholarship Scheme 2023 - ৰাষ্ট্ৰীয় সাংস্কৃতিক জলপানি
🎬 Watch Now: Feature Video

Published : June 19, 2024 at 8:49 PM IST
সৰুপথাৰ,১৯ জুন: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি.চি.আৰ.টি.)ৰ নতুন দিল্লীৰ বাৰ্ষিক সাংস্কৃতিক প্ৰতিভা সন্ধানী বৃত্তি আঁচনিৰ ২০২৩ বৰ্ষৰ ফলাফলত স্থান লাভ কৰিবলৈ সক্ষম সৰুপথাৰ গন্ধকৰৈ গাঁৱৰ ক্ষিৰোদ কোঁৱৰ আৰু জুৰি হাজৰিকা কোঁৱৰৰ পুত্ৰ দেৱানুজ কোঁৱৰ ।
সৰ্বভাৰতীয় পৰ্যায়ত মুঠ ৯০০ গৰাকী শিল্পীয়ে স্থান লাভ কৰা এই তালিকাত ধনশিৰি মহকুমাৰ পৰা একমাত্ৰ দেৱানুজ কোঁৱৰে সত্ৰীয়া বিষয়ত পৰীক্ষা দি এই সফলতা অৰ্জন কৰি অঞ্চলটোৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ দেৱানুজে সৰুৰে পৰাই বিভিন্ন মঞ্চত সৃষ্টিশীল নৃত্য, কবিতা আবৃত্তি, বক্তৃতা, চিত্ৰাংকন আৰু বৰগীত পৰিৱেশন কৰি বহু সংখ্যক বঁটা লাভ কৰি সু-নাম কঢ়িয়াবলৈ সক্ষম হৈছিল ।
ইয়াৰোপৰি ঢোল আৰু খোল বাদনতো পাকৈত দেৱানুজ । দেৱানুজক এইক্ষেত্ৰত আগবঢ়াই নিবলৈ পিতৃ-মাতৃয়েও স্বীকাৰ কৰিছে যথেষ্ট কষ্ট । দেৱানুজে বৰ্তমান ২নং গন্ধকৰৈ গাঁৱত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ত প্ৰদীপ কোঁৱৰ আৰু প্ৰশান্ত পাঁচনিৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ছাত্ৰগৰাকীৰ সফলতাত পিতৃ-মাতৃৰ লগতে গৌৰৱান্বিত সৰুপথাৰবাসীও ।