হিন্দুৰ সুৰক্ষাৰ বাবে সংবিধান সংশোধনৰ দাবী বিতৰ্কিত সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ - Conference demanding hindu rastra - CONFERENCE DEMANDING HINDU RASTRA
🎬 Watch Now: Feature Video

Published : July 1, 2024 at 7:33 AM IST
গুৱাহাটী, 1 জুলাই: হিন্দুৰাষ্ট্ৰৰ দাবীত মহানগৰীত দেওবাৰে অনুষ্ঠিত হৈ যায় ৰাজ্যিক পৰ্যায়ৰ এখন অভিৱৰ্তন । অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় এই অভিৱৰ্তনখনিৰ । এই অনুষ্ঠানত উপস্থিত থাকে মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট গৃহশ্রমী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামী ৷
সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীয়ে সংবাদ মাধ্যমৰ আগত অভিৱৰ্তন সন্দৰ্ভত কয়, "আজিৰ অভিৱৰ্তনত কেইবাটাও বিষয় সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । নিজৰ ধৰ্ম-সংস্কৃতি, ভাষা-সাহিত্য সুৰক্ষা কৰাৰ স্বাৰ্থত হিন্দু ৰাষ্ট্ৰৰ দাবী, সংস্কৃত ভাষা ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে, ‘জন গণ মন’ৰ পৰিৱৰ্তে ‘বন্দে মাতৰম’ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি প্ৰদানৰ লগতে সংবিধান সংশোধন কৰি ভাৰতীয় সংস্কৃতিৰ আধাৰত নতুন সংবিধান গৃহীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।"
দেৱগোস্বামীয়ে লগতে কয়, "সংবিধান সংশোধন মূল দাবী । সংবিধানৰ সংশোধন নহ'লে হিন্দু শাসিত চৰকাৰ থাকিলেও হিন্দুসকলক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিব । হিন্দুসকলৰ সুৰক্ষাৰ বাবে সংবিধান সংশোধনৰ দাবী জনাইছো ৷"
ইয়াৰোপৰি অভিৱৰ্তনত হিন্দু ৰাষ্ট্ৰৰ দাবী সমিতি নামেৰে এটি সংগঠনৰ জন্ম দিয়া হৈছে । জনার্দন দেৱগোস্বামীক সভাপতি আৰু বলেন বৈশ্যক সাধাৰণ সম্পাদক হিচাপে লৈ 21 জনীয়া কেন্দ্ৰীয় সমিতিখন গঠন কৰা হৈছে ।