ফেব্ৰুৱাৰীতে সম্পূৰ্ণ হৈ উঠিব ৰামৰায় ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহ: নন্দিতা গাৰ্লোচা - MINISTER NANDITA GARLOSA

🎬 Watch Now: Feature Video

thumbnail
ৰামৰায় ষ্টেডিয়ামত নন্দিতা গাৰ্লোচা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 29, 2024 at 10:15 AM IST

1 Min Read
Choose ETV Bharat

বৰপেটা: বৰপেটাত অভিলাসী আঁচনিৰে নিৰ্মাণ হৈছে ৰামৰায় ষ্টেডিয়াম । শনিবাৰে নিৰ্মীয়মাণ অৱস্থাত থকা ৰামৰায় ষ্টেডিয়ামৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই । বিগত প্ৰায় ৩৭ বছৰৰো অধিককাল ধৰি নিৰ্মাণৰত অৱস্থাত থকা ষ্টেডিয়ামখনৰ বাবে ৰাজ্যৰ ক্ৰীড়া নীতিৰ অধীনত শেহতীয়াভাৱে অসম চৰকাৰে ১১ কোটি টকা আৱণ্টন দিছিল । সম্প্রতি নিৰ্মাণ কাৰ্য দ্ৰুতগতিত অব্যাহত থকা ষ্টেডিয়ামখনৰ কাম-কাজ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে ।

মন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰী মাহৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহটো সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে । তেওঁ খেল মহাৰণে ৰাজ্যত খেলৰ উৎসাহজনক পৰিৱেশ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰে । আনহাতে বৰপেটা জিলাত খেল মহাৰণ যথেষ্ট সফলভাৱে অনুষ্ঠিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে । ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠিলে বৰপেটাৰ ক্ৰীড়াৰ ক্ষেত্ৰখন আগবাঢ়ি যোৱাত যথেষ্ট সহায়ক হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত দেশৰ কেইবাখনো ৰাজ্যৰ অংশগ্ৰহণ - VOLLEYBALL TOURNAMENT IN TINSUKIA

আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত লাভলীনা বৰগোঁহাই - INTER DISTRICT ATHLETIC COMPETITIO

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details