সৰুপথাৰৰ টিনা লাহনৰ শিৰত 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' ৰানাৰ্চ আপৰ মুকুট - Spark Miss Teen Assam 2024 - SPARK MISS TEEN ASSAM 2024

🎬 Watch Now: Feature Video

thumbnail
টিনা লাহনৰ শিৰত 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' ৰানাৰ্চ আপৰ মুকুট (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 9:22 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ,৩ জুলাই: সৰুপথাৰলৈ পুনৰ এক গৌৰৱ । এফালে যদি বিশ্বৰ ক্ৰীড়া জগতত জিলিকিছে ধনশিৰিৰ জীয়াৰী লাভলীনা বৰগোঁহাই । আনফালে মডেলিং প্ৰতিযোগিতাত সৰুপথাৰৰ টেঙাহোলা গাঁৱৰ টিনা লাহনৰ শিৰত প্ৰথম ৰানাৰ্চ আপৰ মুকুট । সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁৱৰ নিবাসী ৰূপম লাহন আৰু টনিমা লাহনৰ কন্যা টিনা লাহনে গুৱাহাটীত অনুষ্ঠিত হোৱা 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্চ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।  

সৰুপথাৰৰ ডনবস্ক' হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ি থকা টিনা লাহনে মডেলিঙৰ ক্ষেত্ৰত নিজা প্ৰচেষ্টা আৰু পিতৃ-মাতৃৰ আশীৰ্বাদত আগবাঢ়ি গৈছিল বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । মডেলিঙৰ জগতত ভৰি দিয়ে টিনাই প্ৰথম ৰানাৰ্চ আপ পাবলৈ সক্ষম হোৱাত সকলো আনন্দিত হৈ পৰিছে । টিনাই আগন্তুক গোৱাত অনুষ্ঠিত হ'বলগীয়া এক মডেলিং প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব । কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে কেৱল নিজা প্ৰচেষ্টাৰে আগবাঢ়ি যোৱা টিনাই ভৱিষ্যতে এগৰাকী ভাল মডেল হোৱাৰ সপোন দেখিছে । তাইৰ সপোন পূৰণ কৰাৰ বাবে পিতৃ-মাতৃয়েও যথেষ্ট কষ্ট স্বীকাৰ কৰিছে । 

লগতে পঢ়ক: পখিলা খেদি ফুৰা বয়সত নিজৰ সপোনবোৰক খেদি ফুৰা সংযুক্তা কোন ?

ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈ জিলিকিল টীয়কৰ শ্ৰেষ্ঠা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details