অনলাইন ট্ৰেডিং জালিয়াতিৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্ত দাবী কংগ্ৰেছৰ - Congress protest - CONGRESS PROTEST

🎬 Watch Now: Feature Video

thumbnail
শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 18, 2024 at 5:43 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ, ১৮ ছেপ্টেম্বৰ: এইবাৰ ট্ৰেডিঙৰ বিৰুদ্ধে সৰৱ শোণিতপুৰ জিলা কংগ্ৰেছ । ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে শোণিতপুৰ জিলা কংগ্ৰেছে । অনলাইন মানি ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চিবিআইৰ লগতে উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ ওপৰত ন্যস্ত কৰাৰ দাবী শোণিতপুৰ কংগ্ৰেছৰ ৷ মানি ট্ৰেডিং কেলেংকাৰীৰ উচিত তদন্তৰ দাবীৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত দেবিন্দৰ সিং মহুৱাৰ পুত্তলিকাও দাহ কৰে কংগ্ৰেছে ৷  

ইফালে চিবিআইৰ তদন্তৰ প্ৰতি আস্থা নাই বুলি প্ৰকাশ কৰি কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশক এই তদন্তৰ দায়িত্ব অৰ্পণৰ দাবী জনাই মানি ট্ৰেডিঙৰ জৰিয়তে সাধাৰণ ৰাইজৰ হেজাৰ হেজাৰ কোটি টকাৰ লুণ্ঠন হোৱা বুলি অভিযোগ উত্থাপন কৰে । এই কেলেংকাৰীৰে বহু বিজেপি নেতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীও জড়িত থকা বুলি অভিযোগ কৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে ।

লগতে পঢ়ক: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশালৰ সৈতে একেলগে থাকিব চুমী-তাৰ্কিক-অম্লান - Sumi Borah controversy

আজি মৰমৰ ভায়েকক সাক্ষাৎ কৰিব পাৰিবনে চুমীয়ে; কি হ’ব তাৰ্কিক-অম্লানৰ - ONLINE TRADING SCAM

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details