বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Anti Drugs Raid

🎬 Watch Now: Feature Video

thumbnail
বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ (undefined)

By ETV Bharat Assamese Team

Published : February 16, 2024 at 2:31 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়,১৬ ফেব্ৰুৱাৰী: ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো বৰ্তমানো ডিব্ৰুগড় জিলাখনত ড্ৰাগছ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে জব্দ হৈ আছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । পুনৰ দুলীয়াজান আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক । নিশা দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলা অভিযানত AS06-R-2996 বুলেটসহ তিনিটাকৈ সৰবৰাহকাৰীক আটক কৰে দুলীয়াজান আৰক্ষীয়ে ।  

অভিযান কালত এটা চাবোনৰ বাকচ আৰু চাধা টেমাত ভৰাই থোৱা অৱস্থাত ৮, ৩৫,গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । আটকাধীন তিনি ড্ৰাগছ সৰবৰাহকাৰী হৈছে দুলীয়াজান মহল পথৰ মদন দে, দুলীয়াজান জয়ানগৰ সেউজপুৰৰ উৎপল শইকীয়া আৰু নাহৰকটীয়া চাচনী চেঙেলীজানৰ শান্তনু নিৰ্মলীয়া বুলি জানিব পৰা গৈছে । ইতিমধ্য়ে দুলীয়াজান আৰক্ষীয়ে দুলীয়াজান থানাত এটা গোচৰ পঞ্জীয়ন কৰি তিনি ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: পলাশবাৰী আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছসহ আটক 2 সৰবৰাহকাৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details