বিকশিত অসম ! ভৰা নৈৰ মাজত আৱদ্ধ 4 গৰাকীকৈ স্কুলীয়া শিক্ষাৰ্থী - Small boat stuck in Majuli - SMALL BOAT STUCK IN MAJULI

🎬 Watch Now: Feature Video

thumbnail
ভৰা নৈৰ মাজত আৱদ্ধ 4 গৰাকীকৈ স্কুলীয়া শিক্ষাৰ্থী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 10, 2024 at 10:09 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 10 আগষ্ট: বিকশিত অসমত দুৰ্ভাগ্যজনক ঘটনা ৷ টুলুঙা নাৱেৰে ভৰা নৈ পাৰ হ’বলৈ গৈ অথন্তৰৰ সন্মুখীন হ’ল 4 গৰাকীকৈ শিক্ষাৰ্থী ৷ মাজুলীত শুকুৰবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । তথ্য অনুসৰি, মাজুলীৰ উত্তৰ পাৰৰ খেৰ কটা নদীত সংঘটিত হৈছে এই অঘটনটো ।

জানিব পৰা মতে, বিদ্যালয় ছুটিৰ পিছত কুলমুৱা ঘাটত টুলুঙা নাৱেৰে খেৰকটা নদী পাৰ হওঁতেই নদীৰ মাজত ডুবি যায় নাওখন। উপায়বিহীন হৈ নাওখনত থকা ছাত্ৰীকেইগৰাকীয়ে নদীৰ মাজত থকা খুঁটা এটা ধৰি প্ৰাণ ৰক্ষা কৰে । ছাত্ৰীগৰাকীয়ে খুঁটাটোত ধৰি থকাৰ সময়তে বাকীকেইগৰাকী ছাত্ৰীয়েও বাস্তৱ বুদ্ধি খটুৱাই সেইগৰাকীৰ গাত ধৰি কথমপি ৰক্ষা পৰে ।

প্ৰত্যক্ষদৰ্শীয়ে ঘটনাটো দেখাৰ পাচতে নদীত জাপ দিয়ে আৰু ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰি পাৰলৈ লৈ আনে । ছাত্ৰীকেইগৰাকীৰ ঘৰ উত্তৰ কোলামুৱাত বুলি জানিব পৰা গৈছে । আটাইকেইগৰাকী হামিংৱাৰ্ড বিদ্যালয়ৰ ছাত্ৰী আছিল । ছাত্ৰীকেইগৰাকী ক্ৰমে নেহা দলে, সংগীতা দলে, নাগিনি দলে আৰু পূজা পেগু ।

লগতে পঢ়ক: গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: পুৱা উদ্ধাৰ গৌৰাংগ মালাকৰৰ মৃতদেহ; সন্ধান নাই উদয়ৰ - Boat Accident in Goalpara

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত ২ ঘন্টা আবদ্ধ জাহাজ - Ship stranded in Brahmaputra

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details