বিপৰ্যস্ত জনজীৱন : গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video

Published : August 10, 2024 at 11:31 AM IST
গোলাঘাট, 10 জুলাই: গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ চাৰিখনকৈ গেট খুলি দিয়াৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে বানৰ । জিলাখনৰ মেৰাপানীৰ লগতে সৰুপথাৰ সমষ্টিৰ শ শ পৰিয়াল আৱদ্ধ হৈ পৰিছে বানত । নীপকোৱে এৰি দিয়া পানীৰ ফলত সৃষ্টি হোৱা বানৰ ফলত জিলাখনৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ দৈয়াং নদীৰ কাষৰীয়া শগুনটোপ, অভং টোপ আৰু ৰূপজ্যোতি টোপবাসীৰ লগতে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন অঞ্চলৰ লোকৰ জীৱন বিপদাপন্ন হৈ পৰিছে ।
হঠাৎ অহা বানে এফালৰ পৰা বুৰাই নিয়াৰ ফলত ঘৰ-দুৱাৰ এৰি ওখ ঠাইলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে বানাক্ৰান্ত । ঘৰ-দুৱাৰৰ লগতে খেতিপথাৰ, ৰবি শস্য, পশুধন আদি পানীত বুৰ যোৱাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত । মেৰাপানী অঞ্চলত বৰ্তমানেও অৰ্ধশতাধিক পৰিয়াল আৱদ্ধ হৈ আছে পানীৰ মাজত । এইসকল লোকক উদ্ধাৰৰ বাবে বৰ্তমানেও অঞ্চলবোৰত SDRF ৰ কোনো লোক উপস্থিত হোৱা নাই বুলি বানাক্ৰান্তই জনায় ।