আবকাৰী বিভাগৰ বিৰুদ্ধে গৌৰীপুৰত অৱস্থান ধৰ্মঘট - Protest against excise department - PROTEST AGAINST EXCISE DEPARTMENT

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : July 24, 2024 at 10:50 PM IST

1 Min Read
Choose ETV Bharat

ধুবুৰী,২৪ জুলাই: প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমূৰ্তিৰ কাষত সুৰাৰ বিপণি খোলাৰ অনুমতি দিয়াক লৈ ক্ষোভ প্ৰকাশ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ । ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজহুৱা পুথিভঁৰালৰ সুন্মুখত থকা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ মূৰ্তিৰ সোঁফালে সুৰাৰ বিপণি খোলাৰ অনুমতি দিয়াত ক্ষুব্ধ হৈ পৰিছে KPP নামৰ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনটো । সংগঠনটোৰ কৰ্মকৰ্তাসকলে কয়, "ৰাজবংশী এলেকাৰ বিভিন্ন স্থানত সুৰাৰ বিপণিৰ অনুমতি প্ৰদান কৰিছে আবকাৰী বিভাগে । দুৰ্ভাগ্য যে, যিসমূহ অঞ্চলত আজিলৈকে এখন উন্নতমানৰ শিক্ষা অনুষ্ঠান স্থাপন কৰিব পৰা নাই, যিসমূহ অঞ্চলত আজিলৈকে এখন উন্নত চিকিৎসালয় স্থাপন কৰিব পৰা নাই কিন্তু সুৰাৰ বিপণি স্থাপন কৰাত সফল ।" 

এনেকৈ চলি থাকিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ নৱপ্ৰজন্ম ধ্বংসৰ বাহিৰে কোনো উন্নত হোৱাৰ চিন্তা কৰাটো অবাঞ্চিত বুলি উল্লেখ কৰে । অতিশীঘ্ৰে কোচ ৰাজবংশী গাঁও অঞ্চলত সুৰাৰ বিপণি স্থাপন কৰা বন্ধ নকৰিলে অনাগত দিনত KPP দলে ভয়াবহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে । 

লগতে পঢ়ক: হাফলঙত মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্যা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ - Protest in Haflong

ABOUT THE AUTHOR

...view details