মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক - MARMITA MITRA BIHU PROGRAMME

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Entertainment Team

Published : April 30, 2025 at 2:54 PM IST

1 Min Read

মাজুলী: ৰাজ্যত এতিয়াও ৰঙালীৰ উছাহ ৷ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানে আয়োজন কৰিছে ৰঙালী বিহু সন্মিলনৰ । মাজুলীতো পুৱেৰুণ কলা পৰিষদে দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে ৰঙালী বিহু সন্মিলন । পুৱেৰুণ কলা পৰিষদৰ সৌজন্যত ২৮ এপ্ৰিলৰ পৰা মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত ৬৭ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত হয় । এই ৰঙালী বিহু সন্মিলনখনিৰ বিশেষ আকৰ্ষণ আছিল মৰ্মিতা মিত্ৰ ৷ বিহু সন্মিলনৰ শেষৰ দিনা অৰ্থাৎ কালি গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে । 

কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই গোৱা ইটোৰ পাছত সিটো গানে মুহিলে মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ শ্ৰোতা-দৰ্শকক । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ব’হাগী সন্মিলনত দিনৰ ভাগত হুঁচৰি বিহু, বৰ বিহুৱতী, জেংবিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । 

লগতে পঢ়ক : মঞ্চৰ পৰাই মৰ্মিতাই লম্পট চৰিত্ৰৰ দৰ্শকক দিলে এসেকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.