এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ে দেখুৱালে অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতিৰ চানেকী - SIGN WINGS 2024
🎬 Watch Now: Feature Video

Published : November 9, 2024 at 10:51 PM IST
বাইহাটা: কামৰূপ জিলাৰ মান্দাকাটাস্থ ছাইন স্কুল অৱ লাৰ্ণিঙত শনিবাৰে ছাইন উইংছ ২০২৪ অনুষ্ঠিত কৰা হয় ৷ ছাইন স্কুল অৱ লাৰ্নিঙৰ পৰিচালন সঞ্চালক ছাইনিং মাৰাক আৰু অধ্যক্ষা ৰুনুমী মমীনে জানিব দিয়া মতে, ছাইন স্কুল অৱ লাৰ্ণিঙৰ ছাইন উইংছ ২০২৪ উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে খেল-ধেমালি, গীত-নৃত্যৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ আৰ্হি প্ৰদৰ্শন কৰে ৷
বিশেষকৈ অসমৰ কৃষ্টি-সংস্কৃতি, নামঘৰ, চাহ-বাগিচা, অসমৰ ৰাজ্যিক প্ৰতীকসমূহৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়কে ধৰি জীৱ-জন্তুৰ সংৰক্ষণ আৰু পুষ্টিহীনতাৰ ফলত শিশুসকলৰ হ'ব পৰা বিভিন্ন ধৰণৰ সমস্যা আৰ্হিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে ৷ ছাইন উইংছ ২০২৪ৰ লগত সংগতি ৰাখি এক বিনামূলীয়া স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰা হয় ।
দিনজোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত ছাইন উইংছ ২০২৪ ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয়, "ভাষা গৌৰৱ সপ্তাহৰ শেষৰ দিনটোত অৰ্থাৎ আজি ছাইন স্কুল অফ লাৰ্ণিঙৰ নিচিনা CBSE পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনে যিদৰে অসমীয়া ভাষা আৰু কৃষ্টি সংস্কৃতিৰ ওপৰত অতি সুন্দৰকৈ প্ৰদৰ্শনী পাতিছে সেয়া শলাগ ল’বলগীয়া । এই পদক্ষেপৰ জৰিয়তে উঠি অহা প্ৰজন্মই অসমীয়া কলা-কৃষ্টিৰ বিষয়ে ভালদৰে জানিব পাৰিব ।"
লগতে পঢ়ক: এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ