তিনিচুকীয়াত হত্যাকাণ্ড : ছুৰিকাঘাতত মৃত্যু এজনৰ - Murder Case

🎬 Watch Now: Feature Video

thumbnail
তিনিচুকীয়াত হত্যাকাণ্ডৰ ঘটনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 29, 2024 at 3:27 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 29 জুলাই : দেওবাৰে নিশা তিনিচুকীয়া চহৰত সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা ৷ ভিনিহিয়েক আৰু খুলাশালীয়েকৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আনজন ৷  

মাকুম পথৰ বাসিন্দা ৰৌশন কুমাৰ শ্বাহক প্ৰথমে গুৰুতৰভাৱে ছুৰীৰে আঘাতপ্ৰাপ্ত অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতেই নিশা মৃত্যু ঘটে ৷ আনহাতে, উক্ত ৰৌশন কুমাৰ শ্বাহৰ খুলশালীয়েক চিৰাপট্টীৰ বাসিন্দা কৃষ্ণ কুমাৰ শ্বাহক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰথমে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

ইফালে নিশাই ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডত ব্যৱহৃত এখন ছুৰী উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত ৷ আনহাতে স্থানীয় লোক আৰু পৰিয়ালৰ লোকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগো উত্থাপন কৰে ৷ 

লগতে পঢ়ক : মহিলাক খেদি খেদি দাৰে কাটি হত্যা কৰিলে যুৱকে - Sensational Murder Case At Moran