'দাদা ব্ৰিগেড'ৰ অত্যাচাৰত কোন ক্ষুব্ধ ? ক'লে বৰদলৈয়ে - Internal conflict in assam’s BJP - INTERNAL CONFLICT IN ASSAM’S BJP
🎬 Watch Now: Feature Video

Published : July 13, 2024 at 4:01 PM IST
গুৱাহাটী, 13 জুলাই: লবীকেন্দ্ৰিক ৰাজনীতি, দলীয় বিসম্বাদে কঁপাইছে নেকি ৰাজ্যিক বিজেপিৰ ভেটি । এই সন্দৰ্ভত বিভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে বিজেপিৰ কেইবাজনো বিধায়কে কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰে যোগাযোগত আছে বুলি শনিবাৰে সদৰী কৰে খোদ সাংসদগৰাকীয়ে । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে এই কথা উল্লেখ কৰে ।
এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই সাংসদগৰাকীয়ে পুনৰ কয়, "বিজেপিৰ ভিতৰচ'ৰা বাহিৰত দেখুওৱাৰ দৰে নহয় । বিজেপিৰ কেবাজনো বিধায়কে মোৰ সৈতে কথা পাতিছে ৷ বিজেপিৰ বিধায়কসকল শংকিত আৰু চিন্তিত হৈ পৰিছে । বিজেপিৰ বহু কেইগৰাকী নেতাৰ সৈতে কথা-বাৰ্তা চলি আছে ৷ 'দাদা ব্ৰিগেড'ৰ উৎপাতত ৰাজ্যিক বিজেপিত থাকিব নোৱৰা হৈছে পুৰণি বিজেপি কৰ্মীসকল । তেওঁলোক ক্ষুব্ধ হৈ আছে আৰু যিকোনো মুহূৰ্ততে বিস্ফোৰণ ঘটিব পাৰে ।"
কংগ্ৰেছ দলে কাক গ্ৰহণ কৰিব আৰু কাক নকৰে সেয়া দলে সিদ্ধান্ত ল’ব বুলি সদৰী কৰি সাংসদগৰাকীয়ে কয়, "প্ৰতিটো সময়ত কংগ্রেছক গালি দি থকা বিজেপি নেতাও এতিয়া কংগ্ৰেছলৈ আহিবলৈ বিচাৰিছে । সকলোকে কিয় ল'ম ৷ কোনখন মুখ লৈ তেওঁলোক কংগ্ৰেছলৈ আহিবলৈ বিচাৰিছে ।"