অপৰিৱৰ্তিত কাজিৰঙাৰ বান পৰিস্থিতি, কেবাটাও বন্যপ্ৰাণী উদ্ধাৰ - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 4, 2024 at 10:46 PM IST

1 Min Read
Choose ETV Bharat

কাজিৰঙা, 4 জুলাই : বছৰটোৰ প্ৰথমটো বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৷ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰিছে ৷ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ 90 শতাংশ এলেকা বাঢ়নী পানীত বুৰ যোৱাত একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে উদ্যানৰ হাইলেণ্ডসমূহত ৷

ইফালে নিৰাপদ আশ্ৰয়ৰ সন্ধানত বিভিন্ন বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই আহি আশ্ৰয় লৈছে উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে কাৰ্বি পাহাৰত ৷ এই বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্নজনে দিন-ৰাতি একাকাৰ কৰিছে ৷ আনহাতে বানত আবদ্ধ হৈ অথবা উদ্যানৰ দক্ষিণ দিশৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে আঘাতপ্ৰাপ্ত বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰিছে বনবিভাগৰ দলে ৷ হাতী পোৱালি, মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালি, হৰিণা আদিকে ধৰি কেবাটাও বন্যপ্ৰাণী ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷ 
 
লগতে পঢ়ক : দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details