ভাড়াঘৰতেই বন্ধুৱে হত্য়া কৰিলে ব্যৱসায়ীক ! - Sensational murder in Guwahati - SENSATIONAL MURDER IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
পুনৰ মহানগৰীত হত্যাকাণ্ড (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 5:23 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৩ জুলাই: দুদিন পূৰ্বে মহানগৰীৰ মালিগাঁৱত সংঘটিত ব্যৱসায়ী হত্যাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ হত্যাকাণ্ড । শুক্ৰবাৰে নিশা চৈয়দ আলী নামৰ এজন ব্যৱসায়ীক বন্ধুৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বিগত দুমাহ ধৰি হাতীগাঁৱৰ লাচিত বৰফুকন পথত ভাড়াতীয়া হিচাপে আছিল চৈয়দ আলী । তেওঁ পৰিয়ালৰ সৈতে ভাড়াঘৰতেই আছিল যদিও গ্ৰীষ্মবন্ধৰ বাবে পৰিয়ালৰ লোক ঘৰলৈ যোৱাৰ সময়তেই এই হত্য়াকাণ্ডটো সংঘটিত হয় ।

স্থানীয় লোকৰ ভাষ্য় অনুসৰি কালি ভতিজাকৰ লগত আছিল চৈয়দ আলী । কিন্তু যোৱা নিশা দুজন বন্ধু আহিছিল চৈয়দ আলীৰ ঘৰলৈ । আজি পুৱা ভাতিজাকে তেওঁক জগাবলৈ চেষ্টা কৰাত চৈয়দে মাত নিদিয়াত ওচৰ চুবুৰীয়াক খৱৰ দিয়ে । ওচৰ চুবুৰীয়াই আহি চৈয়দৰ মৃতদেহ প্ৰত্য়ক্ষ কৰি লগে লগে আৰক্ষীক খৱৰ দিয়াত হাতীগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

ব্যৱসায়ীজনক গামোচাৰে ডিঙি চেপি গাৰুৰে হেচি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে নিশাৰে পৰাই নিৰুদ্দেশ হৈ আছে কালি তেওঁৰ ওচৰলৈ অহা দুই বন্ধু । ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । 

লগতে পঢ়ক:মহিলাসহ গ্ৰেপ্তাৰ চাৰি : ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ নতুন মোৰ - Sensational murder in Guwahati

সুনীল গগৈকাণ্ড : ঢকুৱাখনাত পুনৰ ফৰেনচিক বিশেষজ্ঞৰ দল - Dhakuakhana murder case

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details