জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ - MISCREANTS ATTACK IN DULIAJAN
🎬 Watch Now: Feature Video


Published : April 16, 2025 at 2:56 PM IST
মৰাণ: পহিলা ব'হাগৰ নিশা দুলীয়াজানৰ নাওশলীয়াত অঘটন । দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে এটা চেনেলৰ সাংবাদিক তথা দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈৰ বাসগৃহত । শিলগুটি মাৰি আক্ৰমণ কৰাৰ ফলত সাংবাদিকগৰাকীৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয় ।
দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈয়ে জনোৱা মতে, নিশা সমনীয়াৰ সৈতে বিহু মাৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তৰ দলে সাংবাদিকগৰাকীৰ ঘৰত আক্ৰমণ কৰে । পিছত ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । এই ঘটনাত দুলীয়াজানৰ সাংবাদিক মহলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে দুস্কৃতিকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।
কি কয় ভুক্তভোগীয়ে ?
মঙলবাৰে নাওশলীয়া আৰক্ষী চকীত সংঘটিত হোৱা এক উত্তপ্ত পৰিস্থিতিৰ বাতৰি সংগ্ৰহ কৰিছিল সাংবাদিকগৰাকীয়ে । তাৰ পিছতে ঘটনাটো সংঘটিত হোৱা বুলি সাংবাদিকগৰাকীয়ে আৱেগিক হৈ সংবাদ মাধ্যমৰ আগত ব্য়ক্ত কৰে । এই সন্দৰ্ভত তেওঁ কয়," ব'হাগৰ প্ৰথম দিনটোতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হম বুলি ভবা নাছিলো । মই বিহু মাৰিবলৈ যোৱাৰ সময়তে পত্নীয়ে ফোন কৰি ঘৰ ভাঙি দিয়াৰ কথা অৱগত কৰে । দিনত নাওশলীয়া আৰক্ষী চকীত সংঘটিত হোৱা এক উত্তপ্ত পৰিস্থিতিৰ বাতৰি কৰিছিলো । সেই ঘটনাৰ আলম লৈ মোৰ ঘৰত আক্ৰমণ কৰা বুলি অনুভৱ কৰিছো । সাংবাদিক হিচাপে নিজৰ দায়িত্ব পালন কৰি গৈছো । সাংবাদিক হিচাপে এনেকুৱা ঘটনাৰ সন্মুখীন হৈ আচৰিত হৈছো ।"