উচ্চতম ন্যায়ালয়ৰ ৰায়ক অন্য দৃষ্টিভংগীৰে বিশ্লেষণ উপমন্যু হাজৰিকাৰ - UPAMANYU HAZARIKAS ANALYSIS

🎬 Watch Now: Feature Video

thumbnail
উচ্চতম ন্যায়ালয়ৰ ৰায়ক অন্য দৃষ্টিভংগীৰে বিশ্লেষণ বিশিষ্ট অধিবক্তা উপমন্যু হাজৰিকাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : October 17, 2024 at 8:44 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী,১৭ অক্টোবৰ: বিদেশী বহিষ্কাৰৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি দিয়া ৰায়দানক অন্য এক দৃষ্টিকোণেৰে বিশ্লেষণ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । 

নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয় - "আজি উচ্চতম ন্যায়ালয়ে ১৯৫১ চনৰ ভিত্তিবৰ্ষ নাকচ কৰি ১৯৭১ চনেই ৰাখিলে । যদিও পৰাজিত হ'ল কিন্তু ‌আচল ১৯৫১ চনৰ নায়ক হৈছে মতিউৰ ৰহমান । অসম সন্মিলিত মহাসংঘৰ লগতে তেওঁৰ সতীৰ্থসকলে অকলে এই যুঁজখন আগুৱাই নিছিল । তেওঁলোকে কাৰো পৰা চান্দা তোলা নাছিল । তেওঁলোকে কোনো পৰিচয় গঢ় নিদিলে, টকা-পইচা নঘটিলে । তেওঁ কোনো মন্ত্ৰী-বিধায়ক নহ'ল । 

কিন্তু অসম আন্দোলনৰ প্ৰকৃত লক্ষ্য-উদ্দেশ্যক সফল কৰাৰ বাবে তেওঁলোকে আগবাঢ়িলে । তেওঁলোকে বহুখিনি সফলো হৈছিল । সেই আশা-আকাংক্ষা পাঁচজনীয়া বিচাৰপীঠে নাকচ কৰা নাই । ১৯৫১ চনৰ আশা-আকাংক্ষা যদি নাকচ কৰিছে তেন্তে সেয়া নাকচ কৰিছে আমাৰ নিজৰ নেতাসকলে । কিন্তু অসম চুক্তি স্বাক্ষৰ কৰা আছু, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সকলোৱে ১৯৫১ চনৰ তীব্ৰ বিৰোধিতা কৰিলে আৰু ১৯৭১ চনৰ সপক্ষে শপতনামা দিলে । এই বিষয়টো লৈ জাতীয় সংগঠনৰ নেতাই নিজৰ পৰিচয় গঢ়িলে, তেওঁলোক নিজৰ লাভত থাকিল । জাতিৰ স্বাৰ্থক জলাঞ্জলি দিলে ৷" 

লগতে পঢ়ক: অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে: মতিউৰ ৰহমান

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details