চৰকাৰে কোৱাৰ দৰে বানাক্ৰান্তই বান সাহায্য লাভ নকৰাৰ আভিযোগ - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video

Published : July 5, 2024 at 7:12 PM IST
টীয়ক,৫ জুলাই: বানৰ কবলত টীয়কৰ বিভিন্ন প্ৰান্ত । সদৌ অসম অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ নেতৃত্বত এটা সজাতি দল শুকুৰবাৰে টীয়কৰ এক নং কাৱৈমাৰী গোহাঁই গাঁৱত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ বাবে কিছু খাদ্য সামগ্ৰী যোগান ধৰে । ৰাজ্যৰ বান পৰিস্থিতিক লৈ সৰৱ হৈ পৰিছে সংগঠনটো । বিশেষকৈ অনুসূচীত জাতিৰ বসতি স্থানসমূহ এই বানৰ কবলত পৰি বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে ।
যাক লৈ এতিয়া ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি নামি আহিছে । ইপিনে চৰকাৰে বান নিয়ন্ত্ৰণৰ নামত নিতৌ ন ন আঁচনি ৰূপায়ণ কৰাৰ পাচতো বৰ্তমান বানৰ অনিয়ন্ত্ৰিত অৱস্থাই চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই তুলিছে । বিশেষকৈ বান সাহায্যৰ নামত চৰকাৰে ভেকোভাওনা কৰিছে । বহু বানপীড়িতই আজি পৰ্যন্ত বান সাহায্য চৰকাৰে কোৱাৰ দৰে লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে । সেয়ে বৰ্তমান বান পৰিস্থিতিৰ বাবে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰীগৰাকীক দোষাৰোপ কৰি মন্ত্ৰিত্ব ত্যাগ কৰিবলৈ দাবী জনাই সংগঠনটোৰ নেতৃত্বই ।