অসমৰ বিহাৰ দিৱস পাতিলে ৰাজ্য ৰক্তাক্ত হ’ব : শিৱসাগৰত সকীয়নি - BIHAR DAY CELEBRATION CONTROVERSY

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 20, 2025 at 6:42 PM IST

1 Min Read

শিৱসাগৰ : ‘‘অসমৰ বিহাৰ দিৱস পাতিলে ৰক্তাক্ত হ’ব ৰাজ্য, হ’ব শৰাইঘাটৰ দ্বিতীয় ৰণ ৷’’ ৰাজ্যত চলি থকা ‘‘বিহাৰ দিৱস’’ উদযাপনৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি শিৱসাগৰত এই হুংকাৰ দিয়ে ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীৰ সদস্যই ৷

উল্লেখ্য যে বিহাৰ দিৱসক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে উত্তেজনা আৰু প্ৰতিবাদ । অসমত বিহাৰ দিৱস পতাৰ বিৰোধিতাৰে বৃহস্পতিবাৰে শিৱসাগৰৰ দৌলমুখ চাৰিআলিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ একাংশ সদস্যই । সংগঠন দুটাৰ শতাধিক নেতা-কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, অসমত অনা-অসমীয়াৰ দপদপনি নচলিব, আৰ এছ এছ হুচিয়াৰ আদি ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ ।

ছাত্ৰ মুক্তিৰ এগৰাকী সদস্যই কয়, ‘‘অসমত বিহাৰ দিৱস পাতিবলৈ উচটনি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছো ৷ অসমত কেৱল অসমীয়াগিৰি চলিব লাগিব ৷ কেনেবাকৈ যদি অসমত বিহাৰী দিৱস পাতিবলৈ দিয়া হয়, তেন্তে অসম ৰক্তাক্ত হ’ব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শৰাইঘাটৰ ৰণ হ'ব ৷’’

লগতে পঢ়ক : থলগিৰিৰ চোতালত পাতিবলৈ দিয়া নহ’ব বিহাৰ দিৱস - আলফা(স্বা)ৰ হুংকাৰ

লগতে পঢ়ক : বিহাৰ দিৱসকলৈ ৰাজনীতি কৰাৰ কোনো অৰ্থই নাই : মুখ্যমন্ত্ৰী

লগতে পঢ়ক : অসমত বিহাৰ দিৱস: মুখ্যমন্ত্ৰীক সমালোচনা বিভিন্ন দল-সংগঠনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.