আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া গ্ৰন্থ বিতৰণ সৰুপথাৰ আছুৰ - AASU free book distribution - SARUPOTHAR AASU

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰ আছুৰ বিনামূলীয়া গ্ৰন্থ বিতৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 30, 2024 at 7:38 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ৩০ জুলাই : সৰুপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্দেশ্য যে কেৱল ৰাজপথৰ আন্দোলনেই নহয়, ছাত্ৰ-ছাত্ৰীক দিক-দৰ্শনতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেয়া প্ৰকাশ পাইছে এই পদক্ষেপৰ জৰিয়তে ।

সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত মঙলবাৰে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰ্থিকভাৱে অনগ্ৰসৰ স্নাতক মহলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰে । এই উপলক্ষে সৰুপথাৰৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ সভাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এই অনুষ্ঠানত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক মেধা সম্পন্ন স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হয় বিনামূলীয়া পাঠ্যপুথি । কাৰ্যসূচীত ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰেয়া সিংহল মুখ্য অতিথি, বুৰঞ্জী বিভাগৰ অধ্যাপক সত্যব্ৰত দত্ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে । অনুষ্ঠানত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিণ্টু গগৈৰ লগতে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :এয়া পৃথিৱীৰ দুৱাৰ খুলি আগবাঢ়ি যোৱাৰ সময় : মনোজ কুমাৰ গোস্বামী - AASU felicitation Ceremony
লগতে পঢ়ক :মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত জনসাধাৰণক সাৱধানতা অৱলম্বনৰ আহ্বান আছুৰ - Meghalaya Taxi Driver Protest

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details