সংগীত নাটক অকাডেমিৰ অমৃত বঁটাপ্ৰাপক সত্ৰীয়া শিল্পী গুৰুপ্ৰসাদ ওজাৰ মৃত্যু - Sattriya artist Guruprasad Ojha
By ETV Bharat Entertainment Team
Published : Aug 10, 2024, 4:37 PM IST
বৰপেটা, 10 আগষ্ট : সংগীত নাটক অকাডেমিৰ অমৃত বঁটাপ্ৰাপক সত্ৰীয়া শিল্পী গুৰুপ্ৰসাদ ওজাৰ মৃত্যুৰ খবৰে সকলোকে হতাশ কৰি তুলিছে । বৰপেটা চহৰৰ বিলৰতাৰি হাটীৰ নিজা বাসগৃহত 92 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় সত্ৰীয়া শিল্পীগৰাকীৰ । দেশৰ স্বাধীনতাৰ 75 বছৰীয়া অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি 2022 বৰ্ষৰ সত্ৰীয়া শিল্পীগৰাকীক সংগীত নাটক অকাডেমিয়ে অমৃত বঁটা প্ৰদান কৰিছিল ৷
বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট ব্যাহকীৰ্তনৰ ওজা তথা বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজাই কৈশোৰ অৱস্থাৰ পৰাই বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে আমৃত্যু জড়িত হৈ আছিল ৷ সত্ৰীয়া শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ, দুই কন্যাৰ লগতে বহু আত্মীয়ক এৰি থৈ গৈছে । বৰপেটা সত্ৰৰ সেৱায়িত কৰ্মৰ সৈতে একাত্মভাৱে জড়িত ওজা বংশৰ সত্ৰীয়া শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক : অচিৰেই মুক্তিৰ অপেক্ষাত ৰসৰাজৰ বিখ্যাত গল্পৰ আধাৰত নিৰ্মিত চুটি ছবি পাতমুগী - Short film Patmugi