ঘন বৰষুণ, পিচল মাটি আৰু এজাক প্ৰতিবাদী জনতা - Protest against Rakibul Hussain - বিধায়ক জিতু গোস্বামী
🎬 Watch Now: Feature Video

Published : August 18, 2024 at 2:09 PM IST
চামগুৰি, 18 আগষ্ট : ধাৰাষাৰ বৰষুণৰ মাজতে চামগুৰিৰ উদমাৰিত পথ নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল শতাধিক চাহ শ্ৰমিক ৰাইজ । চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনে কঠালগুৰীৰ পৰা ৰঙামাটি পৰ্যন্ত অতিশয় জৰাজীৰ্ণ পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিধিপথালি দিয়া বুলি অভিযোগ তুলিছে ক্ষুদ্ধ ৰাইজে ৷
পুৰণি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটো নতুনকৈ বঢ়মপুৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ হেতুকে বিধায়ক জিতু গোস্বামীয়ে সুদীৰ্ঘ পথছোৱা নিৰ্মাণৰ বাবে অগবাঢ়ি অহাত প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন অসন্তুষ্ট হৈ পৰা বুলি ৰাইজে অভিযোগ তুলিছে ৷ আনকি ৰকিবুল হুছেইনে তেওঁৰ সমৰ্থক নেতা-কৰ্মীৰ সহায়ত পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰা বুলিও অভিযোগ তুলিছে প্ৰতিবাদী ৰাইজে । যাৰ বাবে ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে ।
আনকি পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাক্তন বিধায়কগৰাকীক হেঙাৰ হৈ থিয় নিদিবলৈ সকীয়নিও প্ৰদান কৰে বিজেপিৰ স্থানীয় কৰ্মী-সমৰ্থকৰ লগতে চাহ মজদুৰ সংঘৰ একাংশ বিষয়ববীয়াই । আগন্তুক দিনত বৃহৎ আন্দোলনৰ কাৰ্যসূচীও হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী চাহ শ্ৰমিকসকলে ।
লগতে পঢ়ক : প্ৰকৃত কৃষকক বঞ্চিত কৰি বিধায়কপুত্ৰক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ অভিযোগ - Allegation of Irregularities