ভূপেন বৰায়ো বিচৰা নাই তাঞ্জিলৰ বিজয় : দিপ্লুৰঞ্জন শৰ্মা - SAMAGURI BYE ELECTION
🎬 Watch Now: Feature Video

Published : November 9, 2024 at 9:10 AM IST
চামগুৰি : উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দিন-ৰাতি একাকাৰ কৰি প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতাসকল । শুকুৰবাৰে সন্ধিয়া চামগুৰি সমষ্টিৰ শালপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই কেবাটাও বিস্ফোৰক মন্তব্য কৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ।
সংখ্যালঘু অধ্যুষিত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাই ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ভাষণ প্ৰসংগত সৰৱ হৈ পৰা বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই নিৰ্বাচনৰ পাছতেই ৰকিবুল হুছেইনক থানালৈ মাতি নিয়াৰ প্ৰসংগ উল্লেখ কৰে ।
লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো তাঞ্জিল হুছেইনৰ বিজয় বিচৰা নাই বুলি উল্লেখ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে । আনহাতে, চামগুৰি সমষ্টিৰ 80 শতাংশ কংগ্ৰেছ নেতা-কৰ্মীয়েই তাঞ্জিলৰ পৰাজয় বিচাৰি তেওঁৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলিও মন্তব্য কৰে দিপ্লুৰঞ্জন শৰ্মাই ।