বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ - Tiger Terror - TIGER TERROR

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰৰ ভিন্ন অঞ্চলত বাঘৰ আতংক (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 10:40 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, 3 আগষ্ট : বাঘৰ আতংকই খেদিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলক ৷ কলিয়াবৰৰ ভিন্ন অঞ্চলত এতিয়া বাঘৰ আতংক ৷ শিলঘাটৰ সোণাৰী-কামাখ্যাৰ পিচত এতিয়া হাতীমূৰা আৰু তপাহোলা অঞ্চলত অৱস্থান তিনিটাকৈ ঢেকীয়াপতীয়া বাঘৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বনৰজাই হাতীমূৰাত ভক্ষণ কৰিলে এটা গৰুৰ লগতে 3 টা ছাগলী ৷  

ঢেকীয়াপতীয়া বাঘৰ বিচৰণত এতিয়া আতংকিত হৈ পৰিছে হাতীমূৰাবাসী ৷ দিনতে বনৰজাৰ বিচৰণ দেখি আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷ কেতিয়াবা তপাহোলাৰ চাহ বাগিচাৰ মাজত, কেতিয়াবা হাতীমূৰা গাঁৱৰ আশে-পাশে থকা হাবি-জংঘলত বিচৰণ কৰে তিনিটাকৈ বাঘে ৷ বিগত প্ৰায় এমাহে কামাখ্যা পাহাৰ আৰু হাতীমূৰাৰ দাঁতিকাষৰীয়া চাহ বাগিচাৰ সীমামূৰীয়া এলেকাত অৱস্থান কৰি আছে কাজিৰঙাৰ পৰা ওলাই অহা এই বাঘৰ পৰিয়ালটোৱে ৷ 

ইতিমধ্যে অঞ্চলটোত বন বিভাগৰ লোক উপস্থিত হৈ বাঘকেইটা পাহাৰৰ দিশে খেদি পঠাবলৈ চেষ্টা কৰিছে ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা বাঘ কেইটা ওলাই অহাৰ সন্দেহ কৰা হৈছে ৷ ইফালে হাতীমূৰা অঞ্চলৰ ঘন হাবিত ঢেকীয়াপতীয়া বাঘে প্ৰায়েই আশ্ৰয় লয় বুলি জানিবলৈ দিয়ে স্থানীয়লোকে ৷

লগতে পঢ়ক : সুন্দৰবনৰ জালৰ পাচত পিঞ্জৰা, এটা বাঘে খুৱাইছে জলা-কলা - Tiger Scare in Nagaon

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details