তিনিচুকীয়াত ৰটাৰী ক্লাবে আগবঢ়ালে কৃত্ৰিম হাত - Help for specially able people - HELP FOR SPECIALLY ABLE PEOPLE

🎬 Watch Now: Feature Video

thumbnail
ৰটাৰী ক্লাবৰ সহায় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 6:25 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৩ আগষ্ট: তিনিচুকীয়া জিলাত শনিবাৰে ৰটাৰী ক্লাবে আগবঢ়ালে কৃত্ৰিম হাত ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১৫ গৰাকীকৈ বিশেষভাৱে সক্ষম লোকক কৃত্ৰিম হাত প্ৰদান কৰা হয় ৷ জন্মগতভাৱে হাতৰ দুৰ্বলতা থকা ১৫ গৰাকী লোক তথা বিভিন্ন সময়ত দুৰ্ঘটনাত হাত হেৰুৱাব লগা হোৱা ব্যক্তিক প্ৰদান কৰা হয় এই বিনামূলীয়া হাত ৷ লোকসকলৰ শৰীৰত হাত সংস্থাপন কৰাৰ লগতে চিকিৎসক তথা কাৰিকৰী দলে লোকসকলক প্ৰদান কৰে প্ৰশিক্ষণ ৷  

উক্ত হাতৰ জৰিয়তে লোকসকলে বিভিন্ন সৰুসুৰা কাম কৰিবলৈ সক্ষম হোৱাৰ লগতে পাঁচ কেজি পৰ্যন্ত ওজন উঠাবলৈ সক্ষম হ’ব ৷ হাত সংস্থাপন কৰাৰ পাচত লোকসকলৰ মুখত হাঁহি বিৰিঙাৰ লগতে ৰটাৰী ক্লাবৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকে ৷ সমান্তৰালভাৱে ৰটাৰী ক্লাব কৰ্তৃপক্ষই অনাগত দিনসমূহত যাতে আৰু অধিক লোকক এটা নতুন জীৱন দিব পাৰি তাৰ চেষ্টা অব্যাহত থাকিব বুলি মন্তব্য় কৰে ৷

লগতে পঢ়ক:শোণিতপুৰ জিলা দিৱস : ১৩২০ গৰাকী দিব্যাংগক প্ৰয়োজনীয় সঁজুলি প্ৰদান - SONITPUR DISTRICT FOUNDATION DAY

Free Caliper camp : মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বিনামূলীয়া কৃত্ৰিম অংগ আৰু কেলিপাৰ শিবিৰৰ আয়োজন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details