গোলাঘাটত ১৬ বছৰ অনূর্ধ্ব আৰ জি বৰুৱা আন্তঃজিলা ক্ৰিকেট আৰম্ভ - Inter District Cricket Tournament - INTER DISTRICT CRICKET TOURNAMENT
🎬 Watch Now: Feature Video

Published : July 10, 2024 at 7:54 PM IST
গোলাঘাট, ১০ জুলাই: অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফৰকাটিং উপ-ক্ৰীড়া সন্থাৰ সহযোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে ১৬ বছৰ অনূর্ধ্বৰ উজনি অসম চক্ৰৰ আৰ জি বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট । ফৰকাটিং ষ্টেডিয়ামত আয়োজন কৰা প্ৰতিযোগিতা উপলক্ষে পুৱা অসম ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ড৹ নৃপেন বৰুৱাই ।
গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে আদৰণী ভাষণ প্ৰদান কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, বিশিষ্ট ক্ৰীড়া সংগঠক সঞ্জীৱ সন্দিকৈয়ে । গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক বিশ্বজিৎ বৰুৱাই পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, অসম বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক নৱজ্যোতি বৰুৱা(জুন), গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বিত্ত সম্পাদক শ্যামাংগ লোচন শৰ্মা, ফৰকাটিং উপ-ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদীপ চাংমাই আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
প্ৰতিযোগিতা তিনিচুকীয়া, নাহৰকটীয়া, যোৰহাট আৰু মাৰ্ঘেৰিটা আদিৰ পৰা চাৰিটা দলে অংশগ্ৰহণ কৰে । আজি উদ্বোধনী খেলখন তিনিচুকীয় জিলা আৰু নাহৰকটীয়াৰ মাজত অনুষ্ঠিত হয় ।
লগতে পঢ়ক: ৪২ সংখ্যক সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন আই অ’ চি এলৰ