গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে - Death By Drowning - SDRF

🎬 Watch Now: Feature Video

thumbnail
গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 30, 2024 at 6:58 AM IST

1 Min Read
Choose ETV Bharat

টীয়ক, 30 জুলাই : টীয়কৰ কাৱৈমাৰী চিনাতলিৰ জাঁজী নদীত সলিল সমাধি এজন লোকৰ ৷ জানিব পৰা মতে, সোমবাৰে দিনৰ 11 মান বজাত জাঁজী নদীত গা ধুবলৈ গৈছিল স্থানীয় এজন 80 উৰ্ধৰ ব্যক্তিজনে। ব্যক্তিগৰাকীৰ নাম মহেশ কলিতা বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকে জনোৱা অনুসৰি. আনদিনাৰ দৰে সোমবাৰেও মহেশ কলিতাই গা ধুবলৈ নদীৰ পাৰলৈ যায় ৷ তেতিয়া নদীৰ পাৰত থকা জিঅ' বেগত পিচলি ভৰ বাৰিষাৰ নদীত পৰি বাঢ়নি পানীত উটি যায় । এই দৃশ্য প্ৰত্যক্ষ কৰি আত্মীয়ই তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে ।

ইয়াৰ পাচতে ঘটনাস্থলীত টীয়ক আৰক্ষী, SDRF আৰু দণ্ডাধিক উপস্থিত হৈ অনুসন্ধান চলায় ৷ পৰৱৰ্তী সময়ত মহেশ কলিতাৰ মৃতদেহ জাঁজী নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জানিব পৰা মতে, মৃত মহেশ কলিতা আছিল এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ।

লগতে পঢ়ক: কলগাছিয়াত পানীত পৰি ডুব গ'ল এটি শিশু : দুটিক উদ্ধাৰ - Child Death By Drowning

মোমায়েকৰ ঘৰলৈ আহি সলিল সমাধি ১৩ বছৰীয়া বনজিতৰ - Tragic incident

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details