সতৰ্ক হোৱাৰ আহ্বান : নীপকো জলবিদ্যুৎ প্ৰকল্পৰ ৪ খন গেটেৰে খুলি দিয়া হৈছে পানী - Assam Flood 2024 - FLLOD IN GOLAGHAT
🎬 Watch Now: Feature Video

Published : August 8, 2024 at 6:47 PM IST
|Updated : August 8, 2024 at 7:22 PM IST
সৰুপথাৰ/গোলাঘাট, 8 আগষ্ট : সৰুপথাৰৰ দৈয়াং নৈত ক্ৰমে বৃদ্ধি পাইছে জলস্তৰ ৷ নীপকো জলবিদ্যুৎ প্ৰকল্পৰ 4 খন গেটেৰে পানী খুলি দিয়া হৈছে ৷ ইতিমধ্যে সাহাৰ্য তথা উদ্ধাৰকাৰীৰ দল অঞ্চলটোত উপস্থিত হৈছে আৰু নৈপৰীয়া লোকসকল সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰা হৈছে ৷ প্ৰশাসনৰ তৰফৰ পৰা সকলোকে সতৰ্ক কৰি দিয়া হৈছে ৷
সৰুপথাৰৰ দৈয়াং নৈৰ কাষৰ বৰবালি অঞ্চলৰ বৰবালি এম ই স্কুলত স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ ৷ গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা কিছু সময় পূৰ্বে ৰাইজলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে ৷ FLEWS (Flood Early warning system) জল-বতৰ বিজ্ঞানৰ বিশ্লেষণ অনুসৰি গোলাঘাট জিলাত আগন্তুক 24 ঘন্টাৰ ভিতৰত “নিম্নৰ পৰা মধ্যমীয়া” বান পৰিস্থিতিৰ সম্ভাৱনা আছে ৷ এই পৰিস্থিতিত জিলাখনৰ বোকাখাত, খুমটাই, মৰঙী, গোলাঘাট আৰু সৰুপথাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধনশিৰি, দৈয়াং আৰু উপনৈসমূহৰ বাঢ়নী পানীয়ে কাষৰীয়া অঞ্চলসমূহ প্লাৱিত কৰাৰ সম্ভাৱনা আছে ৷
প্ৰশাসনৰ তৰফৰ পৰা সংশ্লিষ্ট সকলো বিভাগক সষ্টম হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছে আৰু নদী কাষৰীয়া অঞ্চলৰ লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে পৰামৰ্শ দিয়া হৈছে ৷ বৰ্তমান সৰুপথাৰৰ দৈয়াং নৈৰ কাষত সৰুপথাৰৰ বৰবালী অঞ্চলত পানী ক্ৰমাৎ বাঢ়িবলৈ ধৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে সুৰক্ষিত স্থানলৈ লৈ অনা হৈছে নৈপৰীয়া লোককসকলক ৷
ইতিমধ্যে জিলা প্ৰশাসনে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ জৰুৰীকালীন ফোন নম্বৰ মুকলি কৰিছে ৷ 0361-2237219 এই নম্বৰত জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিব পাৰিব ৰাইজে ৷
লগতে পঢ়ক : গোলাঘাটত জলপ্ৰলয়ৰ সম্ভাৱনা: এৰি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী - Doyang Hydro Electric Project