পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয় একত্ৰীকৰণৰ বিৰোধিতা - Assam Govt Plans College Mergers

🎬 Watch Now: Feature Video

thumbnail
পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয় (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 12:58 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, ২৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰে ৰাজ্যৰ একাংশ মহাবিদ্যালয় একত্ৰীকৰণ ঘোষণাৰে তালিকা প্ৰকাশ কৰা পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত ৷ ডিব্ৰুগড় জিলাৰ বৃহত্তৰ খোৱাং অঞ্চলৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ অনুষ্ঠান পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ নামো এই তালিকাত স্থান পোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-কৰ্মচাৰী, ছাত্ৰী সকলৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে ৷  

১৯৮৯ চনত খোৱাং অঞ্চলৰ একাংশ শিক্ষানুৰাগী লোকৰ বহু ত্যাগ আৰু প্ৰচেষ্টাৰ বলত স্থাপিত হোৱা মহাবিদ্যালয়খন বৰ্তমান অঞ্চলটোৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান । ২০১৩ বৰ্ষত মহাবিদ্যালয়খনৰ একাংশ শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ হয় যদিও বাকীসকলে এতিয়াও বিনা বেতনেৰে সেৱা আগবঢ়াই আহিছে । ২৬৯ গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মহাবিদ্যালয়খন একত্ৰীকৰণৰ খবৰে খোৱাং অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷  

গ্ৰামাঞ্চলৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা এই মহাবিদ্যালয়খনৰ আশে-পাশে কোনো মহাবিদ্যালয় নাই ৷ তেনেস্থলত শৈক্ষিক প্ৰতিষ্ঠানখন একত্ৰীকৰণৰে ছাত্ৰীসকলৰ লগতে শিক্ষক-কৰ্মচাৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি নিদিবলৈ চৰকাৰক অনুৰোধ জনাইছে মহাবিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰী একতা সভা আৰু সচেতন ৰাইজে ৷

লগতে পঢ়ক:একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাচত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহ’ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details