তিতাবৰত বিলুপ্তপ্ৰায় ছেলেজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ - Salazar Pit Viper Snake - VENOMOUS SNAKE IN ASSAM

🎬 Watch Now: Feature Video

thumbnail
যোৰহাটত বিলুপ্তপ্ৰায় ছেলেজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 6, 2024 at 10:35 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, ৬ ছেপ্টেম্বৰ : যোৰহাটত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ । বিলুপ্তপ্ৰায় হালধীয়া বৰণৰ চেলেজাৰ পিট ভাইপাৰ নামৰ বিষাক্ত সাপটো উদ্ধাৰ কৰা হয় যোৰহাটৰ সৰ্পবন্ধু পাৰ্থ হাজৰিকাৰ তৎপৰতাত ৷

তিতাবৰৰ চেঁচা সত্ৰ ননৈ গাঁৱৰ এজন ব্যক্তিৰ ফুলনিৰ পৰা বিলুপ্তপ্ৰায় সাপটো উদ্ধাৰ কৰা হয় ৷ উল্লেখ্য যে বিৰল প্ৰজাতিৰ চেলেজাৰ পীট ভাইপাৰ সাপবিধ বিশেষকৈ চাহ বাগিচা অঞ্চলত পোৱা যায় । বাগিচাৰ পাতৰ লগত সাপটোৰ ৰং মিলি থাকে ৷ ফলত পাত চিঙাৰ সময়ত শ্ৰমিকক দংশন কৰে এই সাপটোৱে ।

সৰ্পবন্ধু পাৰ্থ হাজৰিকাই কয়, ‘‘মানুহে মাৰি এই সাপবিধ প্ৰায় শেষ কৰিছে ৷ এই সাপডাল যথেষ্ট বিষাক্ত ৷ চাহ বাগিচা অঞ্চলৰ যথেষ্ট লোকক ই দংশন কৰিছে ৷ যোৰহাট মেডিকেল কলেজলৈও এই সাপে দংশন কৰা লোক আহে ৷ এই সাপে খুঁটিলে কটা-চিঙাৰ পৰা বিৰত থাকি তৎক্ষণাত চিকিৎসালয়ৈ যাব লাগে ৷’’

লগতে পঢ়ক : বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি জগাই মেলি দিলে বনাঞ্চলত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details