তিতাবৰৰ কৃষি পথাৰত ঘূৰ্ণি বতাহৰ বিৰল দৃশ্য় - Cyclone viral video - CYCLONE VIRAL VIDEO

🎬 Watch Now: Feature Video

thumbnail
ঘূৰ্ণি বতাহৰ বিৰল দৃশ্য় (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 6:40 PM IST

|

Updated : July 13, 2024 at 8:21 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, ১৩ জুলাই: তিতাবৰৰ কৃষি পথাৰত দেখা পোৱা ঘূৰ্ণি বতাহৰ এক বিৰল দৃশ্য়ক লৈ ৰাইজৰ মাজত চলিছে সৰৱ চৰ্চা । শুক্ৰবাৰে আবেলি তিতাবৰৰ বৰহোলাৰ বালিজান, ৰঙাজান আৰু গড়জানকে আদি কৰি বিভিন্ন স্থানত সৃষ্টি হয় প্ৰৱল ধুমুহাৰ । এই ধুমুহাৰ ফলত বহু লোকৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয় । উভালি পৰে বিদ্যুতৰ খুটা । ফলত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা । ইয়াৰ মাজতেই কোনো লোকৰ কেমেৰাত বন্দী হয় ঘূৰ্ণি বতাহৰ এক বিৰল দৃশ্য় ।  

বৃহত্তৰ অঞ্চলটোত প্ৰৱল ধুমুহা চলি থকাৰ মাজতেই কৃষি পথাৰত সৃষ্টি হোৱা ঘূৰ্ণি বতাহৰ বিৰল দৃশ্য়টো কোনো লোকে কেমেৰাত আৱদ্ধ কৰাৰ পিচত এই দৃশ্যটো ভাইৰেল হৈ পৰে । বহুতৰেই এই ঘূৰ্ণি বতাহ প্ৰত্য়ক্ষ কৰাৰ সৌভাগ্য় ঘটিল । ধুমুহাৰ পিচত বৰ্তমানেও তিতাবৰৰ বৰহোলাকে আদি কৰি বিভিন্ন অঞ্চলত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ।

লগতে পঢ়ক:খোৱাঙত ভয়ংকৰ ধুমুহা-বৰষুণত পথৰ মাজতে উভালি পৰিল প্ৰকাণ্ড গছ - Rain and thunderstorm in Khowang

ৰেমলৰ প্ৰভাৱমুক্ত হোৱা নাই ৰাজ্য: কেইবাখনো জিলাত বন্ধ শিক্ষানুষ্ঠান, গুৱাহাটীৰ পৰিৱেশ স্বাভাৱিক - CYCLONE REMAL

Last Updated : July 13, 2024 at 8:21 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details